ডিজিটেল ডেস্কঃ অসমৰ সংবাদ ইতিহাসৰ অন্যতম নক্ষত্ৰই হৈছে পৰাগ কুমাৰ দাস৷ সংবাদজগতখনকেই অন্য মাত্ৰা প্ৰদান কৰা পৰাগ কুমাৰ দাসৰ কলমৰ ধাৰে ভীতিগ্ৰস্থ কৰিছিল বহুজনক৷ কলমেৰেই উদঙাই দিছিল এটাৰ পিছত আনটো ক’লা অধ্যায়ক৷ পৰাগ দাসৰ নিৰ্ভীকতালৈ খুবেই ভয় হৈছিল বহুতৰে, যাৰ বাবে অকালতেই মোহাৰি পেলোৱা হৈছিল এই সম্ভাৱনাক৷ পৰাগ দাস আঁতৰি গ’লেও তেওঁৰ একাংশ সূহৃদে জীয়াই ৰাখিছে লেখক তথা নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাসক৷
পৰাগ দাসৰ জন্মদিনটোৰ সৈতে সংগতি ৰাখি এইবাৰ আয়োজন কৰা হৈছে বিশেষ অনুষ্ঠানৰ৷ ‘স্বাধীনতাৰ প্ৰস্তাৱ-যুগে যুগে’ শীৰ্ষক বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হৈছে৷ ২৪ ফেব্ৰুৱাৰী ২০২২ বৃহস্পতিবাৰে পৰাগ কুমাৰ দাস মেমৰীয়েল ট্ৰাষ্টৰ উদ্যোগত অনুষ্ঠিত হ’ব এই বক্তৃতানুষ্ঠান৷ বক্তৃতানুষ্ঠানটো আগন্তক সময়ত প্ৰতি বছৰে আয়োজিত কৰাৰো সিদ্ধান্ত লৈছে মেমৰীয়েল ট্ৰাষ্টে৷ প্ৰথমবাৰৰ বাবে আয়োজিত হ’বলগীয়া এই বক্তৃতানুষ্ঠানত বক্তৃতা প্ৰদান কৰিব বিশিষ্ট লেখক, সমালোচক আৰু ইংৰাজীৰ অধ্যাপক ডঃ তিলোত্তমা মিশ্ৰই৷ কটন বিশ্ববিদ্যালয়ৰ চুডমাৰ্চন হলত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত ইচ্ছুক সকলোৰে বাবেই অংশগ্ৰহণৰ ব্যৱস্থা কৰাৰো কথা ঘোষণা কৰিছে ট্ৰাষ্টটোৱে৷ পৰাগ দাস মেমৰীয়েল ট্ৰাষ্টৰ হৈ সভাপতি ডঃ অপূৰ্ব কুমাৰ বৰুৱা আৰু সম্পাদক ময়ূৰ বৰাই এই অনুষ্ঠানলৈ ইচ্ছুক সকলোকে অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনাইছে৷ অনলাইনযোগে অংশগ্ৰহণ কৰিব বিচৰাসকলৰ বাবে মুকলি কৰা হৈছে বিশেষ ZOOM ID-ৰ লগতে Passcode, অনলাইনযোগে সংযুক্ত হ’বলৈ Meeting ID- 83829743735 আৰু Passcode- 710548