1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 3, 2024, 11:26 am
Trending:
আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে? ঔষধী গুণ সম্পন্ন মধুৰীৰ লগতে মধুৰীৰ পাতেও ভাল কৰিব পাৰে ভিন্ন ৰোগ! মছন্দৰীৰ গুণাগুণ সম্পৰ্কে জানেনে আপুনি? যদি নাজানে এই প্ৰতিবেদন আপোনাৰ বাবে! ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল! কি কৰিলে আপোনাৰ আঁঠুৰ বিয় ভাল হ’ব নিমিষতে!

স্পৰ্শই নিৰ্যাতন নহয়… বোম্বে হাইকৰ্টৰ গুৰুত্বপূৰ্ণ ৰায়

  • Update Time : Thursday, November 18, 2021

ডিজিটেল ডেস্কঃ প্ৰতিদিনে দেশত বৃদ্ধি পাইছে যৌন নিৰ্যাতনৰ ঘটনা৷ যৌন নিৰ্যাতন ৰোধৰ বাবে বহু আইন প্ৰণয়ন কৰা হৈছে যদিও এই আইনবোৰে কোনো সুফল দিয়া নাই৷ এই যৌন নিৰ্যাতনক লৈ উচ্চতম ন্যায়লয়ে প্ৰদান কৰিছে এক নতুন ৰায়৷ এই আইন অনুসৰি, যৌন নিৰ্যাতনৰ অপৰাধৰ ক্ষেত্ৰত শাৰিৰীক স্পৰ্শ জৰুৰী নহয়৷

বৃহস্পতিবাৰে উচ্চতম ন্যায়লয়ে যৌন উৎপীড়ন প্ৰতিৰোধ আইন(পকচো ) সম্পৰ্কীয় এটা গোচৰত ৰায় প্ৰদান কৰিছে৷ বিচাৰপতি ই ইউ ললিত, এচ ৰবীন্দ্ৰ ভট্ট আৰু বেলা ত্ৰিবেদীৰ বিচাৰপীঠে বিষয়টো সন্দৰ্ভত বোম্বে উচ্চ ন্যায়ালয়ত খাৰিজ কৰিছিল ৰায়৷

চলিত বছৰৰ জানুৱাৰী মাহত বোম্বে হাই কোৰ্টৰ নাগপুৰ বিচাৰপীঠৰ ন্যায়াধীশ পুষ্পা গানেদিৱালাই ৰায় দিছিল যে, যদি শিশু সকলক কাপোৰ খুলি বা কাপোৰৰ ভিতৰত স্পৰ্শ কৰা নহয়, তেন্তে ইয়াক পকচো আইনৰ অধীনত যৌন উৎপীড়ন বুলি গণ্য কৰা নহ’ব। এই ৰায়ক প্ৰত্যাহ্বান জনাই শীৰ্ষ ন্যায়ালয়ত গোচৰটো দাখিল কৰা হৈছিল।

উল্লেখ্য যে, ১২ বছৰীয়া এটি কন্যা শিশুৰ বুকত হাত দিয়াৰ অভিযোগ উত্থাপন হোৱা এজন ব্যক্তিৰ বিৰুদ্ধে এনেদৰে ৰায় প্ৰদান কৰিছিল বোম্বে উচ্চ ন্যায়লয়ে৷ পকচো আইনৰ ৮ নং ধাৰা অনুসৰি, এই অভিযোগত অভিযুক্ত হোৱা ব্যক্তিগৰাকীয়ে তিনি বছৰ কাৰাবাস খাটিবলগীয়া হৈছিল৷ কিন্তু বিচাৰপতি গানেদিৱালাই এই আইনৰ নতুন বাখ্যা দি ভাৰতীয় দণ্ডবিধিৰ ৩৫৪ আৰু ৩৪২ নং ধাৰাৰ অধীনত ১ বছৰ কাৰাদণ্ড বিহে৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme