1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 1, 2024, 12:34 pm
Trending:
ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল! কি কৰিলে আপোনাৰ আঁঠুৰ বিয় ভাল হ’ব নিমিষতে! ‘কল্কি ২৮৯৮ ‘ ছবিখনে বৰ্তমানৰলৈকে কিমান টকা উপাৰ্জন কৰিলে? কিছু সৰু সৰু অভ্যাসে ধ্বংস কৰিব পাৰে যকৃত্! সুনীতাৰ বাবে বিশ্বজুৰি প্ৰাৰ্থনা, মহাকাশৰ পৰা সোঁশৰীৰে ধৰিত্ৰীলৈ আহিব পাৰিবনে সুনীতা? ৩০ জুন, দেওবাৰে উত্তৰণৰ সম্বৰ্দ্ধনা অনুষ্ঠান! কিমান বয়সৰ লোকৰ ডেংগুত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি? বিয়াৰ বাবে স্বামী-স্ত্ৰীৰ মাজৰ বয়সৰ পাৰ্থক্য কিমান হ’ব লাগে?

স্পৰ্ধা! অসমীয়াক অসমতেই বেদখলকাৰী সজালে বিধায়ক আমিনুলে

  • Update Time : Saturday, November 6, 2021

গুৱাহাটীঃ এআইইউডিএফৰ বিধায়ক আমিনুল ইছলাম মানেই যেন বিতৰ্ক। এটাৰ পিছত এটাকৈ বিতৰ্কিত মন্তব্য কৰি সততে চৰ্চিত হৈ থকা বিধায়ক আমিনুলে শেহতীয়াকৈ অসম আৰু অসমীয়াক লৈ আন এক উদ্ভট মন্তব্য কৰা দেখা গৈছে৷ সকলো সীমা চেৰাই বিতৰ্কিত বিধায়কজনে এইবাৰ প্ৰতিজন অসমীয়াক বেদখলকাৰী আখ্যা দিবলৈকো কুণ্ঠাবোধ কৰা নাই৷

নিজৰ প্ৰকৃত স্বৰূপ উদঙাই দি এটা বিশেষ সম্প্ৰদায়ক ৰক্ষণাবেক্ষণ দিবলৈ গৈ বিধায়ক আমিনুলে ছ’চিয়েল মিডিয়া ফেচবুকত এটি ভিডিঅ’ আপলোড কৰি কৈছে যে কেৱল চৰ-চাপৰিৰ মুছলমানেই নহয়, অসমৰ প্ৰতিজন লোকেই বেদখলকাৰী। ছিপাঝাৰত হোৱা শেহতীয়া উচ্ছেদ সম্পৰ্কে মন্তব্য কৰিবলৈ গৈ সমূহ অসমবাসীকে এনেদৰে বেদখলকাৰী সজালে বিতৰ্কিত বিধায়ক আমিনুল ইছলামে।

অসমত থকা প্ৰতিগৰাকী লোকেই এসময়ত বেদখলকাৰী আছিল বুলি মন্তব্য কৰি আমিনুলে কয় যে উচ্ছেদেই শেষ কথা নহয়৷ ছিপাঝাৰৰ উচ্ছেদিত লোকসকলক সংস্থাপন দিবলৈ দাবী জনাই বৰ্তমানৰ চৰকাৰখন নিৰ্ধাৰিত কিছু লোকৰহে চৰকাৰ বুলিও আন এক বিতৰ্কিত মন্তব্য কৰে বিধায়কজনে৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme