1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 5:56 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

স্তব্ধ নাগালেণ্ড… বৰ্বৰ আক্ৰমনৰ ঘটনাৰ তদন্ত আৰম্ভ

  • Update Time : Monday, December 6, 2021

ডিজিটেল ডেস্কঃ সেনা জোৱান আৰু নগাসকলৰ মাজত অব্যাহত আছে বিবাদ। নাগালেণ্ডৰ অটিঙত বৰ্তমানলৈ ১৫ গৰাকীকৈ লোকক হত্যা কৰাৰ প্ৰতিবাদত উত্তাল  হৈ আছে  নাগালেণ্ড। ৬ ঘণ্টীয়া নাগালেণ্ড বন্ধৰো আহ্বান জনাইছে নগা ষ্টুডেণ্ট ফেডাৰেচনে। সোমবাৰে পুৱা ৬ বজাৰ পৰা ১২ বজালৈ আহ্বান কৰা এই বন্ধত স্তব্ধ হৈ পৰিছে নাগালেণ্ডৰ জনজীৱন।

মন জিলাৰ অটিঙত সেনাই বৰ্বৰভাৱে কৰা এই আক্ৰমনক লৈ কেৱল নাগালেণ্ডতেই নহয় সমগ্ৰ উত্তৰ পূবতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বৰ্তমানো উত্তাল হৈ থকা মন জিলাৰ ঘটনাটোৰ তদন্তৰ বাবে দেওবাৰে ঘটনা সংঘটিত অঞ্চলৰ পৰিদৰ্শন কৰে নাগালেণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধান টি জন লংকুমাৰৰ লগতে আয়ুক্ত ৰভিলাতো মৰ, মন জিলাৰ উপায়ুক্ত আৰু মন্ত্ৰী পাইওঙা কন্যাক আদিৰ এটা দলে।

দেওবাৰে উত্তপ্ত হৈ পৰা মন আৰু টুৱেঙচাঙ জিলাৰ আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ১৪৪ ধাৰা জাৰি কৰা হৈছে। সোমবাৰে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’ও উপস্থিত হৈছে ঘটনাস্থলীত। নাগালেণ্ডৰ পৰিস্থিতি অৱনতি ঘটাৰ শংকাৰে সমগ্ৰ নাগালেণ্ডত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।

উল্লেখ্য যে, ৬ ডিচেম্বৰ সোমবাৰে নাগালেণ্ডৰ কহিমাত অনুষ্টিত হৈ থকা হৰ্নবিল উৎসৱৰ সকলো সাংস্কৃতিক কাৰ্যসূচী বাতিল কৰা হৈছে। ইফালে তিৰুৰ সেনাৰ নৰসংহাৰৰ ঘটনাটোৰ তদন্তৰ বাবে নাগালেণ্ড চৰকাৰে এখন পাঁচজনীয়া বিশেষ তদন্ত সমিতি গঠন কৰিছে। তদন্ত সমিতিত আছে আই জি পি লিমাছুনুপ জমিৰ, চি আই অ ৰূপা এম, ডি আই জি মনোজ কুমাৰ, অপৰাধ শাখাৰ কিলাঙ ৱালিঙ, এছ পি ৰেলি পি এ, আৰু এন এ পিৰ ডিষ্ট্ৰিক কমাণ্ডাৰ।

এই বিশেষ তদন্ত সমিতিত নাগা আৰক্ষীৰ বিষয়াও থাকিব বুলি জানিব পৰা গৈছে। দলটোৱে ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে প্ৰত্যক্ষদৰ্শীৰ সাক্ষ্য প্ৰমাণো সংগ্ৰহ কৰিব। এছ আই টিক তদাৰক কৰিব আইন শৃংখলা বিভাগৰ বিষয়া সঞ্জীৱ এম টমগডগে। সমিতিখনক প্ৰতিবেদন দাখিল কৰিবৰ বাবে এমাহ সময় দিয়া হৈছে। ইফালে নিহত গঞাৰ মৃতদেহ অন্ত্যষ্টিক্ৰিয়া সোমবাৰে বিয়লি অটিঙত ৰাজহুৱাকৈ কৰা হ’ব । এই কবৰ দিয়া অনুষ্ঠানত নাগালেণ্ডৰ উপমুখ্যমন্ত্ৰী ৱাই পাট্টন উপস্থিত থাকিব।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme