স্কুলীয়া জীৱন, জীৱনৰ আটাইতকৈ মধুৰ সময় যেন সেইখিনিয়ে৷ সুখৰ সময়, হেঁপাহৰ সময় স্কুলীয়া জীৱনৰ সময়খিনিয়েই৷ স্কুললৈ যোৱা, বন্ধু বান্ধৱীৰ সৈতে কাজিয়া লগা, একেলগে খেলা, টিফিন খোৱা প্ৰতিটো সময়ে যে আমাৰ বাবে বিশেষ আছিল৷ অ’ তেতিয়া এনে অনুভৱ হৈছিল কেতিয়া যে স্কুল ছুটী হ’ব, কেতিয়া ঘৰলৈ যাম, কেতিয়া স্কুলীয়া জীৱন শেষ হ’ব? আৰু এতিয়া আমি যি সময়ৰ সৈতে যুঁজি আছোঁ
সেই সময়ত বৰকৈ মনত পৰে বিদ্যালয়লৈ৷ এনেকুৱা মুহূৰ্তও বহুত আছে যেতিয়া আমি স্কুলীয়া জীৱনত কাৰোবাক চাই বৰ সুখ অনুভৱ কৰিছিলো৷ আপোনাৰ বন্ধু বা আপোনাৰ চিনিয়ৰ কাৰোবাক মনে মনে লুকাই লুকাই চোৱাৰ আমেজে সুকীয়া আছিল নহয়নে? আটাইতকৈ প্ৰিয় চিনিয়ৰ জন স্কুল আহিছে নে নাই লুকাই চুৰকৈ চোৱাৰ হেঁপাহকণ উফ কি যে মধুৰ৷ পিছে তেওঁ স্কুললৈ নাহিলে মনটোও বেয়া লাগে নহয়নে? এই সময়খিনি আকৌ ঘূৰাই পোৱা হ’লে, বন্ধু বান্ধৱী সকলক পুনৰ এবাৰ লগ পোৱা হ’লে ৰোমন্থন কৰিলো হেঁতেন একেলগে স্মৃতিবোৰ৷ এসময়ৰ আটাইতকৈ প্ৰিয় বন্ধু বা বান্ধৱীগৰাকী ক’ত আছেগৈ এতিয়া? প্ৰিয় চিনিয়ৰজন বা চিনিয়ৰ গৰাকী ক’ত বা আছে কাৰ লগত বা আছে?