1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 21, 2025, 2:02 pm

স্কুটিক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ, এতিয়াৰে পৰা এইসকল শিক্ষাৰ্থীয়েও লাভ কৰিব প্ৰজ্ঞান ভাৰতী আঁচনিৰ সুবিধা

  • Update Time : Friday, February 7, 2025

ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ বাবে ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসম চৰকাৰৰ স্কুটি সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। ‘এক্স’ হেণ্ডেলৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে উচ্চতৰ মাধ্যমিক (HS) পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থীক দিলে বহুপ্ৰত্যাশিত এটা খবৰ। এতিয়াৰে পৰা যোগ্যতাৰ ভিত্তিত কোচিং কৰা শিক্ষাৰ্থীয়েও লাভ কৰিব অসম চৰকাৰৰ স্কুটি। অৱশ্যে অহা শিক্ষাবৰ্ষৰ পৰা নিয়মীয়া পাঠ্যক্ৰমত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীকহে প্ৰজ্ঞান ভাৰতী আঁচনিৰ বাবে যোগ্য বুলি গণ্য কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। পূৰ্বতে কেৱল নিয়মীয়া শিক্ষাৰ্থীয়েহে পাইছিল স্কুটি। সেই নিয়মৰ কিছু সালসলনি কৰি কোচিং কৰা শিক্ষাৰ্থীকো স্কুটি দিব বুলি কৰা ঘোষণাই উৎফুল্লিত কৰি তুলিছে ছাত্ৰ-ছাত্ৰীসকলক।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme