1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2024, 4:15 pm
Trending:
ৰাজ্যসভাত প্ৰথমটো ভাষণতেই দেশবাসীৰ অন্তৰ জিনিলে সাংসদ সুধা মূৰ্তিয়ে আপোনাৰ চকুৰ বিষ বা জ্বলা-পোৰা সমস্যা হৈছে নেকি? আমলখি ব্যৱহাৰ কৰি লাভ কৰক সুফল! উক্ত তাৰিখটোৰ পৰা কেতুৱে ভাগ্য উদয় কৰিব এই তিনি ৰাশিৰ জাতক-জাতিকাক পদিনা খাইনে আপুনি? পদিনাই নাইকিয়া কৰিব আপোনাৰ শৰীৰৰ ভিন্ন সমস্যা! ৰিচাৰ প্ৰশ্নৰ অনুৰাগীয়ে দিলে এনে উত্তৰ, ৰিচা হৈ পৰিল একেবাৰে নিৰুত্তৰ আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে?

সৈমান হ’ল চৰকাৰ! অন্ত পৰিব কৃষক আন্দোলনৰ…

  • Update Time : Wednesday, December 8, 2021

ডিজিটেল ডেস্কঃ ৩৭৭ দিন ১ বছৰতকৈও বেছি সময়। ৩৭৭ দিন ধৰি ৰাজধানী দিল্লীত কৃষকসকলে সাব্যস্ত কৰি আছে প্ৰতিবাদ। দিল্লী সীমান্তত আন্দোলন কৰি থকা কৃষকসকলৰ মূল দাবী কৃষি আইন বাতিল কৰা হ’ল যদিও কৃষকসকলে প্ৰতিবাদৰ যতি পেলোৱা নাই। অন্য ৩ টা বিষয় এমএছপি, ক্ষতিপূৰণ আৰু কৃষকসকলৰ ওপৰত থকা গোচৰ উঠাই লোৱাৰ দাবীত অব্যাহত ৰাখিছে প্ৰতিবাদ। কেতিয়া অন্ত পৰিব এই প্ৰতিবাদৰ, চৰকাৰে মানি ল’বনে কৃষকৰ এইকেইটা দাবীও?

সকলো জল্পনা-কল্পনাৰ অন্ত পৰিব বুধবাৰে। বুধবাৰ অৰ্থাত আজি অন্ত পৰিব কৃষক আন্দোলন! দিল্লী সীমান্তত ৩৭৭ দিনীয়া কৃষক আন্দোলনৰ চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব। ইয়াৰ পূৰ্বে সংযুক্ত কিষাণ মৰ্চাৰ ৫ জনীয়া সমিতিয়ে এখন জৰুৰী বৈঠক আহ্বান কৰিছে। নতুন দিল্লীত অনুষ্ঠিত বৈঠকত বলবীৰ ৰাজেৱাল, গুৰনাম চাধুনি, যুধবীৰ সিং, অশোক ৰনলে আৰু শিৱ কুমাৰ কাক্কা উপস্থিত থাকিব বুলিও এক সূত্ৰই প্ৰকাশ কৰিছে। কৃষকসকলৰ আন্দোলনৰ সময়ত পঞ্জীয়ন কৰা গোচৰসমূহ উঠাই লোৱাৰ দাবী সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ পৰা স্পষ্টীকৰণৰ বাবে অপেক্ষা কৰি আছে। সমিতিৰ সদস্যসকলে ভাৰত চৰকাৰৰ বিষয়াসকলৰ সৈতে পোনপটীয়াকৈ বাৰ্তালাপত মিলিত হোৱাৰে সম্ভাৱনা প্ৰকট হৈ উঠিছে। দিনৰ ২ বজাত সিংঘু সীমান্তত অনুষ্ঠিত বৈঠকত সকলো ঠিকে থাকিলে আন্দোলন প্ৰত্যাহাৰ কৰিব পাৰে।

আনহাতে কোন কোন কৃষক নেতাক এমএছপি সমিতিত অন্তৰ্ভুক্ত কৰা হ’ব এই বিষয়েও চৰ্চা আৰম্ভ হৈছে। সংযুক্ত কিষাণ মৰ্চাই দাবী কৰিছে যে কৃষকসকলৰ প্ৰতিনিধিসকলক কেৱল সংযুক্ত কিষাণ মৰ্চাৰ পৰাহে লোৱা হওক। বিতৰ্কিত কৃষি আইনৰ পক্ষত থকা কৃষক নেতাক অন্তৰ্ভুক্ত কৰাৰ তীব্ৰ বিৰোধিতা কৰিছে সংযুক্ত কিষাণ মৰ্চাই।

ক্ষতিপূৰণৰ ক্ষেত্ৰতো চৰকাৰে আন্দোলনত মৃত্যু হোৱা ৭০০ ৰো অধিক কৃষক পৰিয়ালক ক্ষতিপূৰণ দিবলৈ সন্মত হৈছে। অৱশ্যে সংযুক্ত কিষাণ মৰ্চাৰ দাবী অনুসৰি চৰকাৰে পঞ্জাৱৰ আৰ্হি গ্ৰহণ কৰিব লাগিব। ইফালে কৃষকসকলৰ বিৰুদ্ধে পঞ্জীয়ন কৰা গোচৰবোৰ কেতিয়ালৈ উঠাই ল’ব, কোনবোৰ গোচৰ ঘূৰাই লোৱা হ’ব তাৰ স্পষ্টীকৰণ বিচাৰিছে আন্দোলনকাৰী কৃষকসকলে। কিয়নো ৰাজ্যসমূহৰ উপৰিও, কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ৰে’লৱেও পৃথকে গোচৰ ৰুজু কৰিছিল।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme