1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
April 2, 2025, 10:46 am

সুৰক্ষিত যাতায়াতৰ লগতে পৰ্যটন ক্ষেত্ৰলৈ মানসম্পন্ন সেৱা আগবঢ়োৱাৰ লক্ষ্যৰে পঞ্চাছ গৰাকী অগ্ৰণী মহিলাক গাড়ীচালনাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ দক্ষতা প্ৰশিক্ষণ…

  • Update Time : Saturday, May 21, 2022

ডিজিটেল ডেস্কঃ সমাজৰ বিভিন্ন ক্ষেত্ৰত জড়িত হৈ নিজস্ব সামৰ্থ আৰু কৰ্ম-প্ৰতিভাৰে সেৱা আগবঢ়াই অহা এচাম পাৰদৰ্শী মহিলাক গাড়ী চালনাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ উন্নত প্ৰশিক্ষণেৰে দক্ষতাসম্পন্ন চালক হিচাপে গঢ়ি তোলাৰ বাবে কামৰূপ মহানগৰ জিলাত সষ্টম কৰি তোলা হৈছে৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে কেবিনেট সিদ্ধান্তৰ জৰিয়তে ৰাজ্যৰ পৰিবহণ ক্ষেত্ৰলৈ আমুল পৰিবৰ্তন তথা সংস্কাৰ অনাৰ উদেশ্যে ঘোষণা কৰা প্ৰতি বিধানসভা সমষ্টিৰ ৫০গৰাকী যুৱক-যুৱতীক গাড়ী চালনাৰ দক্ষতা প্ৰশিক্ষণ আচনিৰ অধীনত এইসকল মহিলাক দিয়া হ’ব প্ৰশিক্ষণ।

সহকাৰী পৰিবহণ আয়ুক্ত তথা কামৰূপ মহানগৰৰ জিলা পৰিবহণ বিষয়া আৰু জিলা বাছনি আৰু নিৰীক্ষণ সমিতিৰ সদস্য সচিব গৌতম দাসে জানিবলৈ দিয়ামতে মুখ্যমন্ত্ৰীৰ আগ্ৰহ আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নিৰ্দেশ মৰ্মে কেবাটাও বিভাগীয় পৰ্যায়ৰ পৰীক্ষণৰ অন্ততঃ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে চাৰিটা বিধানসভা সমষ্টি ক্ৰমে জালুকবাৰী, দিছপুৰ, পূৱ গুৱাহাটী আৰু পশ্চিম গুৱাহাটীৰ পৰা বিধায়কৰ অনুমোদন সাপেক্ষে ৫০ গৰাকী মহিলাক গাড়ী চালনাৰ দক্ষতা প্ৰশিক্ষণৰ বাবে বাছনি কৰা হৈছে৷

মুখ্যমন্ত্ৰীৰ এই ব্যতিক্ৰমী আঁচনিখনৰ প্ৰধান উদেশ্যসমূহৰ ভিতৰত যুৱপ্ৰজন্মক লৈ নিয়োগ বা নিযুক্তি সৃষ্টি কৰা, দক্ষতাসম্পন্ন একশ্ৰেণীৰ কৰ্মচাৰী সৃষ্টি কৰা, সুৰক্ষিত আৰু নিৰাপদ যাত্ৰাৰ বাবে বাতাবৰণ গঢ়ি তোলাৰ লগতে আত্মনিৰ্ভৰশীল কৰি তোলা আদি উল্লেখযোগ্য৷ প্ৰশিক্ষাৰ্থীসকলক দিবলগীয়া প্ৰশিক্ষণৰ বিভিন্ন দিশসমূহৰ ভিতৰত পৰ্যটক আৰু ভিআইপিৰ সৈতে কথা-বাৰ্তা আৰু পৰস্থিতিৰ মোকাবিলা, যোগাযোগ, প্ৰাথমিক চিকিৎসা আৰু ক্ষীপ্ৰ সহাৰি আগবঢ়োৱা, পৰ্যটন নিৰ্দেশনাৰ দক্ষতা আদি মনকৰিবলগীয়া।

উল্লেখ্য যে, গুৱাহাটীৰ ৰিহাবাৰীস্থিত মহিলা আই টি আইত ডেৰমাহজোৰা প্ৰশিক্ষণৰ অন্তত প্ৰশিক্ষাৰ্থী সকলক প্ৰমাণপত্ৰ, গাড়ীচালনাৰ অনুজ্ঞাপত্ৰ দিয়াৰ লগতে জলপানী হিচাপে ৩,৩৭৫ টকাকৈ প্ৰদান কৰাৰ উপৰি বাণিজ্যিক বাহন ক্ৰয় কৰিবলৈ সহজ ঋণৰ ক্ষেত্ৰত সহায় কৰা হ’ব।
মহিলা সৱলীকৰণৰ লগতে স্বনিৰ্ভৰশীলতাৰ লক্ষ্য আগতলৈ মানসম্পন্ন গাড়ী চালনাৰে পৰ্যটনকে ধৰি দেশৰ বিভিন্ন ক্ষেত্ৰলৈ মানসম্পন্ন সেৱা আগবঢ়োৱাৰ বাবে আগবাঢ়ি অহা মহানগৰীৰ উদ্যোগী মহিলা প্ৰশিক্ষাৰ্থীসকলৰ প্ৰশিক্ষণৰ আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত শুভাৰম্ভ কৰা হয় ৷ এই উপলক্ষে অনুষ্ঠিত গুৰুত্বপূৰ্ণ সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ৰাজ্যৰ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে গাড়ীচালনাক সমাজৰ এক অতি দায়িত্বশীল আৰু সন্মানীয় বৃত্তি বুলি উল্লেখ কৰি সমাজৰ বিভিন্ন ক্ষেত্ৰৰ বিকাশ আৰু উন্নয়নৰ চিন্তা কৰিছে৷

গাড়ীচালকৰ প্ৰৰোক্ষ অবদান সদায়ে অতুলনীয় আৰু অপৰিসীম বুলি কৈ গাড়ীচালনাৰ প্ৰশিক্ষণ গ্ৰহণৰ বাবে আগবাঢ়ি অহা মহিলাসকলক অভিনন্দন জনায়। মন্ত্ৰীগৰাকীয়ে বিভিন্ন উন্নয়নমূলক কামত বিদেশ ভ্ৰমণৰ সময়ত উচ্চপদস্থ আমোলা-বিষয়াৰ সমানে সমানে গাড়ীচালকে পোৱা মৰ্যাদা আৰু গুৰুত্ব দেখি অভিভূত হোৱা বুলি মন্তব্য কৰি দেশত সুৰক্ষিত আৰু সন্মানজনক যাতায়াত ব্যৱস্থা এটা গঢ় দিবলৈ হলে প্ৰতিগৰাকী চালককে তেওঁৰ দক্ষতাৰ বাবে উপযুক্ত স্বীকৃতি আৰু শ্ৰমৰ মৰ্যাদা দিবলৈ আহ্বান জনায়। গাড়ীচালনাৰ প্ৰশিক্ষণৰ সময়ত প্ৰশিক্ষাৰ্থী সকলক ইংৰাজী ভাষাত কথোপকথনত গুৰুত্ব দিয়াৰ লগতে নিজৰ ৰাজ্যখনৰ প্ৰতি যাতে সকলোৰে সম্যক ধাৰণা এটা থাকে সেই সন্দৰ্ভতো মনোনিবেশ কৰিবলৈ আহ্বান জনায়। দক্ষতা অবিহনে জীৱন অসাৰ বুলি উল্লেখ কৰি প্ৰতিগৰাকী দক্ষতাসম্পন্ন লোকেই সমাজত সন্মানেৰে আগবাঢ়ি যাব পাৰে বুলি কৈ নিজৰ বৃত্তিটোৰ প্ৰতি দায়বদ্ধতা ৰক্ষা কৰি উৎসৰ্গিত মনেৰে সেৱা আগবঢ়াবলৈ কয়।

সভাত পৰিবহণ সচিব আৰু আয়ুক্ত আদিল খান কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত তথা জিলা বাছনি আৰু নিৰীক্ষণ সমিতিৰ অধ্যক্ষ পল্লৱ গোপাল ঝা, পৰিবহণ বিভাগৰ সচিব যাদৱ শইকীয়া, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সঞ্চালক কৃষ্ণা বৰুৱা, নিয়োগ আৰু কাৰিকৰী প্ৰশিক্ষণৰ সঞ্চালিকা কস্তূৰী ভৰালী, শ্ৰম আয়ুক্ত অনামিকা তিৱাৰী আদি বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকল উপস্থিত থাকি গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়াই। ইফালে গুৰুত্বপূৰ্ণ সভাখনৰ আৰম্ভণিতে উদেশ্য বাখ্যা কৰি সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে কয় যে গাড়ী চালনাৰ ক্ষেত্ৰত এজন চালকৰ নিজৰ দক্ষতাৰ প্ৰতি আত্মবিশ্বাস আৰু আত্মসন্মানবোধ অন্যতম মনকৰিবলগীয়া দিশ ৷ এনেবোৰ গুণৰ অধিকাৰী চালকে বাতানুকূল আৰু বিপদসংকুল সকলো পৰিস্থিতিতে পৰ্যটককে ধৰি অনান্য সকলো যাত্ৰীকে সুৰক্ষিত আৰু আনন্দকৰ যাতায়ত দিব পাৰে ৷ মহিলাসকল এইক্ষেত্ৰত সদাসচেতন আৰু সজাগ ৷ সেয়ে মুখ্যমন্ত্ৰীৰ গাড়ীচালনাৰ এই অভিলাষী আচনিখনে প্ৰশিক্ষাৰ্থীসকলক অনন্য কৰ্ম-দক্ষতাৰ লগতে মানসম্পন্ন জীৱনৰ বাবেও আত্মবিশ্বাস যোগাব বুলি সহকাৰী আয়ুক্তগৰাকীয়ে মন্তব্য কৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme