1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 5:22 am

সুনীতা উইলিয়ামছৰ উভতনি যাত্ৰা সন্দৰ্ভত নাছাই কৰিলে বৃহৎ ঘোষণা

  • Update Time : Thursday, December 19, 2024

ভাৰতীয় মূলৰ আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছৰ পৃথিৱীলৈ ঘূৰি অহাৰ কথা পুনৰ পিছুৱাই দিয়া হৈছে। আমেৰিকাৰ মহাকাশ সংস্থা নাছাই মঙলবাৰে ঘোষণা কৰে যে ২০২৫ চনৰ মাৰ্চৰ পূৰ্বে সুনীতা আৰু তেওঁৰ সতীৰ্থ মহাকাশচাৰী বুচ উইলম’ৰক ঘূৰাই অনা সম্ভৱ নহ’ব। ২০২৪ চনৰ জুন মাহৰ পৰা আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আবদ্ধ হৈ আছে দুয়োগৰাকী মহাকাশচাৰী। বয়িঙৰ ষ্টাৰলাইনাৰ মহাকাশযানখনৰ বিজুতিৰ বাবে তেওঁলোকৰ সপ্তাহজোৰা অভিযান আঠ মাহ ধৰি টানি নিলে। নাছাই পূৰ্বে কৈছিল যে ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত এখন মহাকাশ যান মহাকাশ কেন্দ্ৰলৈ গৈ সুনীতা আৰু বুচক ঘূৰাই আনিব। কিন্তু এতিয়া শেহতীয়া আপডেটত নাছাই জনাইছে যে সেই মহাকাশ যান ২০২৫ চনৰ মাৰ্চ মাহৰ শেষ দিনৰ আগতে উৎক্ষেপণ কৰা নহ’ব। অৰ্থাৎ সুনীতা আৰু বুচ এতিয়া আৰু এমাহ মহাকাশত থাকিব লাগিব।যয

নাছাই সুনীতা আৰু বুচক ইলন মাস্কৰ কোম্পানী স্পেচএক্সলৈ ঘূৰাই অনাৰ দায়িত্ব দিছিল। দুয়োজন মহাকাশচাৰীয়ে ক্ৰু-১০ ড্ৰেগন কেপচুলৰ জৰিয়তে উভতি আহিব। মঙলবাৰে নাছাই কয় যে ২০২৫ চনৰ মাৰ্চৰ পূৰ্বে ক্ৰু-১০ উৎক্ষেপণ কৰা নহ’ব। নাছাই এটা ব্লগ পোষ্টত কয় যে, ‘এই পৰিৱৰ্তনে নাছা আৰু স্পেচএক্সৰ দলসমূহক এই অভিযানৰ বাবে নতুন ড্ৰেগন মহাকাশযানখনৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবলৈ সময় দিছে।

এ পিৰ প্ৰতিবেদন অনুসৰি পুৰণি ক্ৰুক মহাকাশ কেন্দ্ৰলৈ ঘূৰাই অনাৰ পূৰ্বে নতুন ক্ৰু উৎক্ষেপণ কৰিব লাগিব। পৰৱৰ্তী অভিযানৰ আৰম্ভণি পিছুৱাই দিয়া হৈছে। নাছাৰ কমাৰ্চিয়েল ক্ৰু প্ৰগ্ৰেম মেনেজাৰ ষ্টিভ ষ্টিচে কয় যে, ‘এখন নতুন মহাকাশযানৰ নিৰ্মাণ, সমাবেশ, পৰীক্ষণ আৰু চূড়ান্ত সংহতি এক ক্লান্তিকৰ প্ৰক্ৰিয়া যিটোৰ বাবে বহু বিশদভাৱে প্ৰয়োজন হয়।

নাছাৰ দুয়োগৰাকী মহাকাশচাৰীয়ে ষ্টাৰলাইনাৰত উঠি এসপ্তাহজোৰা অভিযানত ৫ জুনত মহাকাশ কেন্দ্ৰত উপস্থিত হয়। ইয়াৰ উৰণৰ সময়তে মহাকাশযানখনত কিছুমান ত্ৰুটি লক্ষ্য কৰা হৈছিল। আই এছ এছত ডক হোৱাৰ পিছত ষ্টাৰলাইনাৰত হিলিয়াম লিক হোৱা আৰু ইয়াৰ থ্ৰাষ্টাৰৰ সমস্যা হোৱা দেখা গৈছিল। নাছা আৰু বয়িঙৰ মাজত হোৱা কাজিয়াৰ পিছত ষ্টাৰলাইনাৰখন খালী হৈ পৃথিৱীলৈ ঘূৰাই অনাৰ সিদ্ধান্ত লোৱা হয়।

মাস্কৰ কোম্পানী স্পেচএক্সে সুনীতা আৰু বুচক পৃথিৱীলৈ ঘূৰাই অনাৰ বাবে সহায় আগবঢ়ায়। কোম্পানীটোৱে নিজৰ ক্ৰু-৯ ড্ৰেগন কেপচুলৰ দুখন আসন খালী কৰিবলৈ সন্মত হয়। এই মহাকাশযানখনে ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁলোকক পৃথিৱীলৈ ঘূৰাই আনিলেহেঁতেন। কিন্তু, নাছাৰ শেহতীয়া ঘোষণাৰ পৰা অনুমান কৰিব পাৰি যে মাৰ্চৰ পূৰ্বে দুয়োজন মহাকাশচাৰীয়ে ঘূৰি আহিব নোৱাৰিব। সুনীতাই হয়তো এপ্ৰিলৰ আৰম্ভণিলৈকে অপেক্ষা কৰিব লাগিব!

সুনীতা উইলিয়ামছ আৰু বুচ উইলম’ৰ, দুয়োজন অভিজ্ঞ মহাকাশচাৰী। বিভিন্ন বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষাৰ লগতে দুয়োজনে নিজকে মানসিক চাপমুক্ত কৰি ৰাখিবলৈ বহুতো মজাৰ কামতো অংশ লৈছে। তাত তেওঁলোকে ‘থেংকচগিভিং’ উৎসৱ পালন কৰিছিল আৰু এতিয়া বৰদিনৰ প্ৰস্তুতি চলাইছে। এই উপলক্ষে দুয়োগৰাকী মহাকাশচাৰীয়ে হয়তো ভিডিঅ’ কলত পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে কথা পাতিব।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme