1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 5:03 am

সুধাকণ্ঠবিহীনতাত কেনে আছে সুধাকণ্ঠৰ বাসগৃহ!

  • Update Time : Friday, November 5, 2021

ডিজিটেল ডেস্কঃ ৫ নৱেম্বৰ, ড° ভূপেন হাজৰিকাৰ মৃত্যু দিন। ৫ নৱেম্বৰ ২০১১ ত আমাৰ মাজৰ পৰা আতঁৰি গৈছিল সুধাকণ্ঠ। আজি সুধাকণ্ঠৰ দশম মৃত্যু বাৰ্ষিক। সমগ্ৰ ৰাজ্যতে আজি গীতে মাতে সোঁৱৰিছে সুধাকণ্ঠক। নিজৰাপাৰৰ ঘৰলৈও সোঁত বৈছে সুধাকণ্ঠৰ গুণমুগ্ধৰ। সুধাকণ্ঠ নাথাকিলেও নিজৰাপাৰাৰ ঘৰখনলৈ আজিও ঢাপলি মেলে বহু গুণমুগ্ধই। কিন্তু বহুতেই নাজানে সুধাকণ্ঠৰ অন্য এখন বিশেষ ঘৰৰ কথা। সুধাকণ্ঠৰ অনুপস্থিতিত জহি খহি যোৱা এখন ঘৰ। কলিয়াবৰত সুধাকণ্ঠই নিজা প্ৰচেষ্টাৰে গঢ়ি তোলা ঘৰখন আজি পৰিত্যক্ত। উকা হৈ জহি খহি গৈছে ভূপেন হাজৰিকাৰ কলিয়াবৰত থকা কুঠৰীৰ বাসগৃহটো।

১৯৬৭ তে ভূপেন হাজৰিকাৰ নিৰ্দেশত সাজি উলিওৱা হৈছিল কলিয়াবৰৰ বাসগৃহটো। কলিয়াবৰস্থিত এই বাসগৃহটোতে সুধাকণ্ঠই সৃষ্টি কৰিছিল বহু কালজয়ী গীত। কিন্তু বৰ্তমান এই ঘৰটোৰো অৱস্থা তথৈৱচ৷ অসমীয়া বোলছবিৰ ভিতৰত লেখত লবলগীয়া এখন ছবি ’মন প্ৰজাপতি’ ৰ শ্বুটিঙো এই বাসগৃহতে কৰা হৈছিল। বৰ্তমান সেই বাসগৃহত নাই পূৰ্বৰ সেই উল্লাস। কেৱল এগৰাকী পৰিচৰ্যাকাৰীহে বাস কৰে জৰাজীৰ্ণ ঘৰটোত। সুধাকণ্ঠই ব্যৱহাৰ কৰা আচবাববোৰৰো কেৱল ভগ্নাৱশেষৰ ৰূপত হে আছে৷ দেশৰ ভিন্ন প্ৰান্তৰ পৰা লাভ কৰা বহু স্মাৰক ঘৰটোত উৱলিও গৈছে৷ একালৰ প্ৰাণবন্ত ঘৰখন যেন চৰকাৰী সদিচ্ছাৰ অভাৱতেই জহি-খহি গৈছে। শাসিত চৰকাৰখনে শেহতীয়াকৈ মাজুলীত হোৱা বিশেষ অধিৱেশনত ভূপেন হাজৰিকাৰ এই বাসগৃহটো সংৰক্ষণৰ ব্যৱস্থাৰ কথা ঘোষণা কৰিছিল। মন্ত্ৰী ক্ৰীড়া মন্ত্ৰী বিমল বৰাইয়ো সুধাকণ্ঠৰ বাসগৃহটো পৰিদৰ্শন কৰি সংৰক্ষণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। সুধাকন্ঠ ভূপেন হাজৰিকাৰ দশম মৃত্যু বাৰ্ষিকীৰ দিনাও বাসগৃহটোত আয়োজিত নহল কোনো অনুষ্ঠানৰ।

উল্লেখ্য যে সুধাকণ্ঠৰ মৃত্যু বাৰ্ষিকী উপলক্ষ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীৰ জালুকবাৰীস্থিত সমাধিক্ষেত্ৰতো আয়োজন কৰা হৈছে সুধাকণ্ঠৰ স্মৃতি দিৱসৰ। ইয়াৰ ওপৰিও তেজপুৰ, মঙ্গলদৈতো ব্যতিক্ৰমীভাৱে সোঁৱৰা হৈছে সুধাকণ্ঠক।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme