1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 1, 2024, 12:59 pm
Trending:
ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল! কি কৰিলে আপোনাৰ আঁঠুৰ বিয় ভাল হ’ব নিমিষতে! ‘কল্কি ২৮৯৮ ‘ ছবিখনে বৰ্তমানৰলৈকে কিমান টকা উপাৰ্জন কৰিলে? কিছু সৰু সৰু অভ্যাসে ধ্বংস কৰিব পাৰে যকৃত্! সুনীতাৰ বাবে বিশ্বজুৰি প্ৰাৰ্থনা, মহাকাশৰ পৰা সোঁশৰীৰে ধৰিত্ৰীলৈ আহিব পাৰিবনে সুনীতা? ৩০ জুন, দেওবাৰে উত্তৰণৰ সম্বৰ্দ্ধনা অনুষ্ঠান! কিমান বয়সৰ লোকৰ ডেংগুত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি? বিয়াৰ বাবে স্বামী-স্ত্ৰীৰ মাজৰ বয়সৰ পাৰ্থক্য কিমান হ’ব লাগে?

সিন্ধৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক কিয় দিলে হোলীৰ শুভেচ্ছা?

  • Update Time : Friday, November 5, 2021

ডিজিটেল ডেস্কঃ দেৱালীৰ শুভেচ্ছা জ্ঞাপন কৰিবলৈ গৈ ট্ৰলৰ সন্মুখীন হৈছে এগৰাকী মুখ্যমন্ত্ৰী। দেৱালীৰ শুভেচ্ছা দিবলৈ গৈ ভুলবশত হেপ্পি হোলী বুলি নিজা সামাজিক মাধ্যমত পোষ্ট কৰে পাকিস্তানৰ সিন্ধ প্ৰদেশৰ মুখ্যমন্ত্ৰী মুৰাদ আলি শ্বাহে।

মুৰাদ আলি শ্বাহে কৰা পোষ্টটো ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। একাংশই মুখ্যমন্ত্ৰীগৰাকীক টেগ কৰি সামাজিক মাধ্যমত লিখিছে, “হোমৱৰ্ক সঠিকভাৱে নকৰি চৰ্টকাট লৈ পাছ কৰিলে এনেকুৱা হোৱাটো স্বাভাৱিক ইয়াৰ ওপৰিও নেটিজেন সকলে তেওঁক সমালোচনা কৰি লিখিছে, আপোনাৰ ৰাজনৈতিক কাৰচাজী চলাবলৈ গৈ জনতাক আকৰ্ষণ কৰাৰ যি পন্থা ললে সেয়া আপোনাৰ বাবেই বিপদজনক হৈছে।”

পাকিস্তানৰ সিন্ধ প্ৰদেশৰ মুখ্যমন্ত্ৰী মুৰাদ আলী শ্বাহে সিন্ধু প্ৰদেশৰ হিন্দু সংখ্যালঘুসকলক দেৱালীৰ শুভেচ্ছা জনাবলৈ গৈ ভুলবশত হোলী বুলি লিখি পেলাইছিল। হোলী আৰু দেৱালী দুটা পৃথক উৎসৱ। টুইটাৰ হেণ্ডেলত মুখ্যমন্ত্ৰীগৰাকীয়ে @SindhCMHouse টুইট কৰা ছবিখনত শ্ৰীযুত মুৰাদ আলী শ্বাহে ফটোখনত হোলীৰ ৰঙৰ পোহাৰ দেখুওৱাৰ লগতে ‘হেপ্পী হোলী’ বুলি লিখা পৰিলক্ষিত হৈছে।

পাকিস্তানৰ সিন্ধু প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে দেৱালীত হোলীৰ শুভেচ্ছা জনোৱাৰ এই টুইটতো ভাইৰেল হোৱাৰ পিছতেই সিন্ধৰ বেছিভাগ হিন্দুলোকে বিষয়টোক লৈ চৰ্চা চলোৱাত অৱশেষত পোষ্টটো ডিলেট কৰিছে সিন্ধৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme