1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
June 29, 2024, 9:31 am

সাৱধান, হাৰ্ট এটেকৰ পূৰ্বে ধৰা দিয়ে এইকেইটা বিশেষ লক্ষণে…

  • Update Time : Sunday, April 3, 2022

ডিজিটেল ডেস্কঃ হৃদযন্ত্ৰক স্বাস্থ্যৱান কৰি ৰখাটো সকলোৰে বাবে অতি গুৰুত্বপূৰ্ণ৷ ইয়াৰ ওপৰতেই আমাৰ জীৱন নিৰ্ভৰশীল৷ পৰিবৰ্তিত জীৱনশৈলীয়ে বহুসময়ত আমাৰ হৃদযন্ত্ৰকো প্ৰভাৱ পেলাই৷ হৃদযন্ত্ৰক কেনেদৰে সুস্থ কৰি ৰাখিব?

হৃদযন্ত্ৰক সুস্থ কৰি ৰাখিবলৈ খোৱাবোৱাৰ লগতে শৰীৰ চৰ্চাৰ ওপৰতো গুৰুত্ব দিয়াটো অতিকৈ প্ৰয়োজন৷ হৃদযন্ত্ৰ বিকল হোৱাৰ মূল লক্ষণৰ ভিতৰত এটা হৈছে অতিৰিক্ত মানসিক চাপ৷ ইয়াৰ উপৰিও, বৰ্ধিত কলেষ্টেৰলে হৃদযন্ত্ৰক বিকল কৰে৷ হৃদযন্ত্ৰ বিকল হোৱাৰ পূৰ্বে এইকেইটা লক্ষণ ধৰা পৰে একোজন ব্যক্তিৰ গাত৷ ৬টা লক্ষণ পৰিস্ফূত হয় একোজন হৃদৰোগীৰ শৰীৰত৷ কি লক্ষণে পোনতে ধৰা দিয়ে? তাৰ ভিতৰত প্ৰথমে আছে-

প্ৰথম লক্ষণটোৱেই হৈছে হৃদৰোগত আক্ৰান্ত ৰোগী একোগৰাকীয়ে পোনতে বুকুত পাতলীয়া বিষ অনুভৱ কৰে৷ কেৱল বিষেই নহয় ব্যক্তিগৰাকীয়ে শৰীৰত অস্বস্তি অনুভৱ কৰিবলৈ আৰম্ভ কৰে৷ হৃদৰোগত যে কেৱল বুকুৰ বিষেই হ’ব এনে নহয়৷ অন্য আৰু বহুকেইটা লক্ষণেও ধৰা দিয়ে শৰীৰত৷

বদহজম, অত্যাধিক ভাগৰ অনুভৱ, সঘনাই হোৱা পেটৰ বিষো হৃদৰোগৰেই এক লক্ষণ৷ শৰীৰৰ বাওঁ অংশৰ যিকোনো স্থানতে অনাহক বিষ অনুভৱ হৈ থকাটো হৃদযন্ত্ৰ বিকলৰ প্ৰাৰম্ভিক লক্ষণ বুলি চিকিৎসকে দাবী কৰে৷ প্ৰায়সংখ্যক লোকৰে এক সমস্যা হৈছে মূৰ ঘূৰণি৷ ডিহাইড্ৰেছনৰ ফলত মূৰ ঘূৰণি হয় যদিও এই লক্ষণো কিন্তু হৃদৰোগ বিকল হোৱাৰেই প্ৰাৰম্ভিক এক লক্ষণ বুলি চিকিৎসকমহলে প্ৰকাশ কৰিছে৷ ডিঙি বা কঁকালৰ বিষো হৃদৰোগৰ লক্ষণ হ’ব পাৰে।

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme