গৰমৰ আৰম্ভণিতে ফেন আৰু কুলাৰৰ প্ৰয়োজন যথেষ্ট, কিন্তু মে’আৰু জুন মাহত যেতিয়া তাপমাত্ৰা বৃদ্ধি পায়, তেতিয়া ঘৰবোৰত AC চলিবলৈ ধৰে। যদি সঠিক সময়ত ইলেক্ট্ৰনিক সামগ্ৰীৰ চাৰ্ভিচ কৰা নহয় তেন্তে ইয়াৰ ক্ষতি হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। গ্ৰীষ্মকালত AC বিস্ফোৰণৰ খবৰ আহে, ইয়াৰ আঁৰৰ কাৰণ আপোনাৰ নিজৰ অসাৱধানতা। কিন্তু সঠিক সময়ত ইয়াৰ প্ৰতি গুৰুত্ব দিলে লোকচানৰ পৰা হাত সাৰিব পাৰি। গতিকে AC বিস্ফোৰণৰ কাৰণ আৰু ইয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা
সম্পৰ্কে জানো আহক।
বেয়া তাঁৰ, ঢিলা সংযোগ বা শ্বৰ্ট চাৰ্কিটৰ ফলত এয়াৰ কণ্ডিচনাৰ বিস্ফোৰণ হ’ব পাৰে। ইয়াৰ উপৰিও গেছ লিকেজৰ ফলত বিস্ফোৰণৰো সৃষ্টি হয়।
যদি এয়াৰ কণ্ডিচনাৰটো বেছি জোৰেৰে চলোৱা হয় বা সঠিকভাৱে ঠাণ্ডা নহয় তেন্তে ই অতিমাত্ৰা গৰম হৈ বিস্ফোৰণ হ’ব পাৰে।
প্ৰায় ৬০০ ঘণ্টা ব্যৱহাৰ কৰাৰ পিছত এচি চাৰ্ভিচিংৰ প্ৰয়োজন হয়।
একে সময়তে কোঠাটো ঠাণ্ডা হ’লেই টাৰ্বো মোডটো বন্ধ কৰি দিব লাগে আৰু এচিটো স্বাভাৱিক গতিৰে চলালে বিস্ফোৰণৰ আশংকা কমি যায় ।