সাধাৰণতে পোক-পৰুৱাই কামুৰিলে আমি সেই কথা সিমান গুৰুত্ব নিদিও বা কি পোকে আমাক কামুৰিলেই সেয়াও লক্ষ্য কৰা নহয়। এয়া এক সাধাৰণ ঘটনা বুলিয়েই ভাবি লোৱা হয়। কিন্তু আপুনি জানেনে সেই সাধাৰণ বুলি ভবা ঘটনাই এদিন কালৰূপ ধাৰণ কৰিব পাৰে, আপোনাৰ-মোৰ জীৱনলৈ কঢ়িয়াই আনিব পাৰে ঘোৰ-অমানিশা। আজি পোকে কামোৰাৰ বিষয়ে এই প্ৰতিবেদন লিখাৰ আঁৰত আছে এগৰাকী যুৱ সাংবাদিকৰ মৃত্যু। এটা পোকে কামোৰাৰ বাবেই যুৱ সাংবাদিকগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। পোকটোৰ বিষক্ৰিয়াৰ বাবেই শৰীৰৰ ইটোৰ পিছত সিটো অংগ বিকল হৈ পৰিছিল যুৱ সাংবাদিকগৰাকীৰ যাৰবাবে গুৱাহাটী মহানগৰীৰ এখন ব্যক্তিগত হাস্পাতালত মৃত্যুমুখত পৰে।
সাধাৰণ বুলি ভবা পোক এটায়ো যে মানুহৰ প্ৰাণ পৰ্যন্ত ল’ব পাৰে এই বিষয়ে সাংবাদিকগৰাকীৰ মৃত্যুয়ে যেন সজাগ কৰিলে ৰাইজক। যিকোনো পোকে এগৰাকী ব্যক্তিক কামুৰিলে তেওঁ পৰাপক্ষত অতি সোনকালেই চিকিৎসকৰ কাষ চাপিব লাগে। অন্যথা বিষাক্ত পোকে কামুৰিলে শৰীৰত বিষক্ৰিয়াৰ সৃষ্টি হোৱাৰ ফলত শৰীৰৰ বিভিন্ন অংগ বিকল হৈ পৰাৰ লগতে লোকজনৰ মৃত্যু পৰ্যন্ত হ’ব পাৰে।
বিষাক্ত পোকে কামোৰা সন্দৰ্ভত সামাজিক মাধ্যমত এগৰাকী মহিলাই এনেদৰে লিখিছে,
“কিছুদিন পূৰ্বে মই পোষ্ট দিছিলো বিষাক্ত কীটে মোক কামোৰাৰ। বহুতে হাঁহা ৰিয়েক্ট দিয়াত পোষ্টটো ডিলিট কৰি দিলো। আজি এজন যুৱ সাংবাদিকক বিষাক্ত কীটে কামোৰাৰ ফলত মৃত্যু হোৱাৰ খবৰটো পাই আকৌ বিষয়টো লিখিছো। তেওঁক কিহে কামুৰিল নাজানো খবৰতহে পাইছো। কিন্তু মোৰ এইখিনি কথা নিজা। মইও হয়তো মৰি থাকিলোহেতেন। মোকো ডিঙিৰ সোঁফালে কামুৰিছিল বিষাক্ত কীট এবিধে। প্ৰথমে বহুতে ক’লে যে খৰ হৈছে। মইও গুৰুত্ব নিদিছিলো। পিছে তিনিদিন মূৰৰ বিষ, জ্বৰ, বমি হৈ ভাত পানীও পেটত নৰৈছিল, উশাহ-নিশাহ খেলিমেলি হৈছিল। দুজন ডাক্তৰক দেখালো। প্ৰথমজনে গৰমৰ কাৰণে হৈছে বুলি দৰৱ বিশেষ নিদিলে তেওঁ স্কীনৰ ডাক্তৰ নাছিল। পিছৰজন স্কীনৰ ভাল ডাক্তৰ আছিল তেওঁ জনালে যে বিষাক্ত এবিধ কীট আছে কামুৰিলে গম নাপায় প্ৰথমে। মনে মনে কামুৰি গুচি যায় বাবে সেইটোয়েই যে কামুৰিলে সেই কথা জনা নাযায়। গৰম তেল পৰাৰ দৰে অনুভৱ হয়। সময়ত চিকিৎসা ন’ললে সমস্যা হয়। মোৰ এতিয়া ভাল হ’ল কাৰণ মই উচিত সময়ত চিকিৎসা ল’লো। আপোনালোকো সাৱধান হ’ব এই বিষয়টোত। বিশেষকৈ শিশুক য’তে ত’তে এৰি নিদিব। কাপোৰ ধুই ৰ’দত দিওঁতে ভালকে চাব। মাটিত নুশুব। এই বিষাক্ত কীটবিধে বোলে ডিঙিৰ চাইডত মানে কাণৰ সামান্য তলতে কামুৰে। প্ৰথমে ক’ৰবাত দুখ পোৱাৰ দৰে আঁচ পৰে আৰু লাহে লাহে খৰৰ দৰে হৈ বিয়পি যায়। মোকো ডিঙিতে কামুৰিছিল। মই কামোৰাৰ সময়ত গম নাপালো। স্কীণ জ্বলি যোৱাৰ দৰে হয়। পানী আৰু চাবোন ভুলটোয়ে নল’গাব ভয়ংকৰ হ’ব। দাগ যাবলৈ দিন লাগে। ডাক্তৰে টেবলেট খাবলৈ আৰু দুটা মলম মিস্ক কৰি ঘহিবলৈ দিছিল মোক। ডাক্তৰে কৈছিল বিষক্ৰিয়া ৯ দিন মানলৈ সক্ৰিয় হৈ থাকে। ৰিংগাৰ্ড, পাউদাৰ আদি মনে ভাবি লগাব নালাগে। ততাতৈয়াকৈ চিকিৎসকৰ ওচৰলৈ যাব লাগে। অসমত এই চিকিৎসা আছেনে নাই নাজানিম। কাৰণ মই বাহিৰত আছো। মোক কামোৰা কীট বিধেই যে সকলোকে কামুৰিব বা মোৰ দৰৱখিনিয়েই যে সকলোকে ভাল কৰিব এনে নহয় কাৰণ সকলোৰে শৰীৰ ছাল বেলেগ থাকে তথাপি এই কথা জানি থোৱা ভাল যে বহুত বিষাক্ত পোক-পতংগ আছে যিবোৰ দেখাত ক্ষুদ্ৰ যদিও বিষাক্ত সেয়ে সকলোয়ে কথাখিনি গুৰুত্ব দি সাৱধান হ’ব বুলি আশা কৰিলো। কথাখিনি ভাবিলো লিখি থওঁ কাৰণ বহু মানুহে এনে হ’লে চিকিৎসকৰ ওচৰলৈ নাযায় ভাল হ’ব বুলি ভাবি ৰৈ থাকে।”