দৈনন্দিন জীৱনত যিকোনো বিষয়ৰ ওপৰত অধিক জানিবলৈ সততে ব্যৱহাৰ কৰা মাধ্যম হ’ল গুগল। ব্যাপকভাৱে প্ৰচলিত জনপ্ৰিয় চাৰ্ছ ইঞ্জিন গুগলে নিষিদ্ধ কৰিছে কিছুমান কন্টেন্ট। এই নিষিদ্ধ কন্টেন্টসমূহ চাৰ্ছ কৰিলে শাস্তি হিচাপে আপুনি ভুগিব লগা হ’ব পাৰে কাৰাবাস৷ ডিজিটেল পৃথিৱীত গুগল ব্যৱহাৰ নকৰা ব্যক্তি যথেষ্ট কম৷ তেনে ক্ষেত্ৰত গুগল ব্যৱহাৰ কৰোতে আপুনি সাৱধান হওঁক৷
যদি কৰে, তেন্তে সাৱধান ৷ বোমা বনোৱা পদ্ধতি চাৰ্ছ কৰা নিষিদ্ধ গুগলত একেদৰে গৰ্ভপাতৰ পদ্ধতিও চাৰ্ছ কৰিব নোৱাৰে গুগলত কিয়নো ভাৰতীয় আইন অনুসৰি চিকিত্সকৰ অনুমতি অবিহনে গৰ্ভপাত কৰাটো অপৰাধ। গুগলত শিশু পৰ্ণ চাৰ্ছ কৰা বা শ্বেয়াৰ কৰাটোও দণ্ডনীয়৷ ছবি মুক্তিৰ পূৰ্বে গুগল বা অনলাইনত লীক্ কৰাটো গুৰুতৰ অপৰাধ, গুগলৰ জৰিয়তে ব্যক্তিগত ফটো, ভিডিঅ’ কৰিব নোৱাৰে ভাইৰেল৷ এই সকলোবোৰৰ ওপৰত তীক্ষ্ন নজৰ ৰাখে ছাইবাৰ ছেলে। যদিহে আপুনি এই নিয়ম উলংঘা কৰে তেন্তে বিপদ হ’ব পাৰে আপোনাৰ। আপোনাৰ বিৰুদ্ধে আইনী ব্যৱস্থা লব পাৰে নিৰাপত্তা সংস্থাই, যাৰ বাবে হয়তো জেললৈ যাব লগীয়া হ’ব পাৰে আপুনি। সেয়েহে গুগলত যিকোনো কন্টেন্ট চাৰ্ছ কৰাৰ পূৰ্বে সাৱধান হওঁক। এনে নিষিদ্ধ কন্টেন্টসমূহ চাৰ্ছ কৰাৰ পৰা বিৰত থাকক।