গাড়ী আৰু বাইক পানীৰে ধুলেই ৫ হাজাৰ টকা জৰিমনা ভৰিব লাগিব। কৰ্ণাটকৰ ৰাজধানী তথা ভাৰতৰ আই টি হাব বেংগালুৰুত পানীৰ গভীৰ সংকট হৈছে। যাৰবাবে মহানগৰীখনত অপ্ৰয়োজনীয় পানীৰ ব্যৱহাৰ হ্ৰাস কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। যান-বাহন ধোৱা নিষিদ্ধ কৰা হৈছে কাৰণ বাহন ধোৱাৰ সময়ত বহু পানী অপচয় হয়। কেৱল এয়াই নহয়, কৰ্তৃপক্ষই আন বহু কামত পানী ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে।
মহানগৰীৰ পানী সংকটৰ মাজতে বেংগালুৰু ৱাটাৰ চাপ্লাই এণ্ড ছিৱেৰেজ ব’ৰ্ডে বাহন, ফোয়াৰা আৰু বাগিচা ধোৱাৰ বাবে পানী ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। এই নিয়ম উলংঘাকাৰীক পাঁচ হাজাৰ টকাৰ জৰিমনা বিহা হ’ব। জাৰি কৰা আদেশত নিৰ্মাণ কাৰ্যৰ বাবে পানী ব্যৱহাৰ, মনোৰঞ্জনৰ বাবে নিৰ্মাণ কৰা ফোয়াৰা, মল আৰু চিনেমা হলত খোৱাপানী আৰু অন্যান্য পানী ব্যৱহাৰ, পথ পৰিষ্কাৰ কৰা আৰু অন্যান্য চাফাই কামৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে।