1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 7:19 am

সাৱধান, আহিছে আন এক মাৰাত্মক ভাইৰাছ…

  • Update Time : Tuesday, March 22, 2022

ডিজিটেল ডেস্কঃ কৰ’না ভাইৰাছৰ সংক্ৰমণ এতিয়ালৈকে অন্ত পৰা নাই৷ বিশ্বব্যাপী বিয়পি পৰিছে কৰ’না সংক্ৰমণ৷ ইয়াৰ মাজতে আকৌ আহি পৰিছে দু-খবৰ৷ আকৌ উদ্ভৱ হৈছে এক নতুন ভাইৰাছৰ৷ জৰ্জিয়াৰ এমোৰী বিশ্ববিদ্যালয়ৰ গৱেষকসকলে জনোৱা অনুসৰি নতুনকৈ উদ্ভৱ হোৱা ‘‘হাৰ্টলেণ্ড ভাইৰাছ’’ অতি মাৰাত্মক৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছয়খন ৰাজ্যত বিয়পি পৰিছে হাৰ্টলেণ্ড ভাইৰাছৰ সংক্ৰমণ। এতিয়ালৈকে ভাইৰাছৰ বিধৰ কোনো প্ৰতিষেধক সৃষ্টি কৰিব পৰা নাই৷

এমোৰী বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞানৰ অধ্যাপকে জনোৱা অনুসৰি, ই এক সংক্ৰামক ৰোগ, ভাইৰাছবিধৰ বিষয়ে এতিয়ালৈ ভালদৰে জ্ঞাত হোৱা নাই৷ যিমান সোনকালে পাৰে এই ভাইৰাছ বিধৰ ওপৰত গৱেষণা কৰি থকা হৈছে৷ হাৰ্টলেণ্ড ভাইৰাছ প্ৰথমবাৰৰ বাবে ২০০৯ চনত চিনাক্ত কৰা হৈছে। ২০০৯ চনৰ পৰা ২০২১ চনৰ জানুৱাৰী মাহৰ ভিতৰত মধ্য পশ্চিম আৰু দক্ষিণ আমেৰিকাৰ ১১ খন ৰাজ্যত ৫০ টাতকৈও অধিক ঘটনা নথিভুক্ত কৰা হৈছে।

হাৰ্টলেণ্ড ভাইৰাছৰ লক্ষণবোৰৰ ভিতৰত আছে জ্বৰ, ভাগৰ, ভোক নলগা, মুৰৰ বিষ, ডায়েৰিয়া, আৰু পেশী বা গাঁঠিৰ বিষ। যিসকলৰ লোকৰ শৰীৰত এই সমূ লক্ষ্যণ দেখা দিছে সেইসকল লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত ব্যক্তিৰ যকৃতৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰে। চি.ডি.চিয়ে জানোৱা অনুসৰি বৰ্তমানলৈকে এই ভাইৰাছ বিধৰ কোনো প্ৰতিষেধক উপলব্ধ হোৱা নাই, যিয়ে হাৰ্টলেণ্ড ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিব পাৰে৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme