1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
August 1, 2025, 5:13 am

সাংবাদিক শিৱপ্ৰসাদ বৰাৰ আকস্মিক মৃত্যু, শোকস্তব্ধ নগাঁও…

  • Update Time : Thursday, January 27, 2022

ডিজিটেল ডেস্কঃ নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক শিৱপ্ৰসাদ বৰাৰ আকস্মিক মৃত্যু। বৃহস্পতিবাৰে নগাঁৱৰ এখন ব্যক্তিগত হাস্পতালত মৃত্যু হয় সাংবাদিকগৰাকীৰ। বৃহস্পতিবাৰে ১২ বাজি ২৫ মিনিটত মৃত্যু সাংবাদিক বৰাৰ।

আমোলাপট্টীৰ কংলপাৰস্থিত হাউচিং ব’ৰ্ডৰ বাসভৱনৰ পৰা চহৰলৈ আহি থকা অৱস্থাত আৰ কে বি হায়াৰ ছেকেণ্ডেৰি স্কুলৰ ওচৰত হঠাত মূৰ ঘূৰাই স্কুটাৰৰ পৰা পৰে বৰা। লগে লগে স্থানীয় লোকে হাস্পাতাললৈ প্ৰেৰণ কৰে বৰাক।হাস্পাতালত বিশেষ চিকিৎসা প্ৰদানৰ পূৰ্বেই মৃত্যুক সাবটি লয় সাংবাদিকগৰাকীয়ে। মৃত্যুৰ সময়ত সাংবাদিকগৰাকীৰ বয়স ৫৬ বছৰ। বৰাই মৃত্যুৰ সময়ত পত্নী আৰু এটি সন্তান এৰি থৈ গৈছে। এখন বাতৰি কাকতৰ জৰিয়তে ৮০ৰ দশকতে সাংবাদিকতা আৰম্ভ কৰিছিল শিৱ প্ৰসাদ বৰাই।জনপ্ৰিয় সাংবাদিক তথা সাংস্কৃতিক কৰ্মীগৰাকীৰ আকস্মিক মৃত্যুত সমগ্ৰ নগাঁৱতে শোকৰ ছাঁ পৰিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme