1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
April 2, 2025, 10:50 am

সলনি নহয় গোৱা-মণিপুৰৰ মুখ্যমন্ত্ৰী, উত্তৰ প্ৰদেশত কি হ’ব?

  • Update Time : Wednesday, March 16, 2022

ডিজিটেল ডেস্কঃ ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতেই চৰকাৰ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। পাঁচ ৰাজ্যৰ ভিতৰত ৪ খনেই দখল কৰিছে বিজেপিয়ে। উত্তৰ প্ৰদেশ, মণিপুৰ, গোৱা, উত্তৰাখণ্ড পুনৰবাৰ বিজেপিৰ হাতলৈ। পঞ্জাৱ আপৰ দখললৈ যোৱাৰ পিছতেই পঞ্জাৱত সলনি হ’ল মুখ্যমন্ত্ৰী। ৪ ৰাজ্যত পুনৰবাৰ বিজেপিয়েই জয়লাভ কৰিছে গতিকে সলনি হ’বনে মুখ্যমন্ত্ৰী? এই বিষয়টোৱে চৰ্চা লাভ কৰাৰ সময়তে বিজেপিৰ হাইকমাণ্ডে বুধবাৰে স্পষ্ট কৰিছে এই কথা। গোৱাৰ পূৰ্বৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তেই পুনৰবাৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’বলৈ সাজু হৈছে। ইপিনে মণিপুৰতো পূৰ্বৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙেই থাকিব মুখ্যমন্ত্ৰীৰ আসনত।

গোৱাত বিজেপিয়েও নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰা নাই যদিও ৪০খন আসনৰ ২০ খন নিজৰ দখলত আনিবলৈ সক্ষম হৈছিল। চৰকাৰ গঠনৰ বাবে বৰ্তমানো আৰু এখন আসনৰ প্ৰয়োজনীয়তা আছে বিজেপিৰ। তাৰেই ১২ খন আসন তৃণমূলৰ হাতত আৰু ২খন আসন আম আদমী পাৰ্টীয়ে লাভ কৰিছে। অন্যান্যৰ হাতত আছে ৪খন আসন। অন্যান্যৰ ৪ বিধায়কে বিজেপিৰ পক্ষতেই থিয় হ’ব নেকি এই বিষয়টোৱেও এতিয়া চৰ্চা লাভ কৰিছে। আনহাতে মণিপুৰতো ৬০খন আসনৰ ৩২খন বিজেপিয়ে লাভ কৰিছে। বিজেপিয়ে অকলেই চৰকাৰ গঠন কৰিব পৰাকৈ উপযুক্ত বাবেই মণিপুৰৰ মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰীসভাৰো বিশেষ সালসলনি নহয় বুলি বিজেপিৰ শীৰ্ষস্থানীয় সূত্ৰই প্ৰকাশ কৰিছে।

উল্লেখ্য যে উত্তৰ প্ৰদেশৰ ক্ষেত্ৰত পুনৰবাৰ যোগীয়েই মুখ্যমন্ত্ৰী হ’বনে এই বিষয়টোও চৰ্চাৰ আওতালৈ আহিছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী কোন হ’ব তাৰ আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই যদিও যোগীৰ নেতৃত্বতে বিজেপিয়ে উত্তৰ প্ৰদেশ দখল কৰিবলৈ সক্ষম হৈছে। তেনেক্ষেত্ৰত যোগীৰ দক্ষতাক সন্মান জনাই বিজেপিয়ে যোগীকেই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ পদত অধিস্থিত কৰিব বুলি বিজেপিৰ এক শীৰ্ষ সূত্ৰই প্ৰকাশ কৰিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme