আজিৰ সময়ত আধাৰ কাৰ্ড আটাইতকৈ গুৰুত্বপূৰ্ণ নথি হিচাপে পৰিগণিত হৈছে। আধাৰ কাৰ্ডত ১২টা সংখ্যাৰ এটা নম্বৰ থাকে, যিটো ভাৰতীয় একক পৰিচয় কৰ্তৃপক্ষ অৰ্থাৎ ইউআইডিএআইৰ দ্বাৰা প্ৰদান কৰা হয়। ইয়াত আপোনাৰ বায়মেট্ৰিক ডাটা, নাম, ঠিকনাকে ধৰি বহুতো তথ্য থাকে। চিম কাৰ্ড কিনাৰ পৰা আৰম্ভ কৰি বেংক একাউণ্ট খোলাৰ পৰা আৰম্ভ কৰি চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰালৈকে প্ৰতিটো কামতে ইয়াৰ প্ৰয়োজন। যদি আপুনি অনুভৱ কৰে যে আপোনাৰ আধাৰ কাৰ্ডৰ ফটোখন ভাল নহয় বা বহুত পুৰণি হৈ গৈছে, তেন্তে আপুনি ইয়াক সলনি কৰি তাৰ ঠাইত নতুন ফটো এখন লগাব পাৰে। আধাৰ কাৰ্ডত ফটো আপডেট কৰোৱাৰ সুবিধা অনলাইনত উপলব্ধ নহয়, ইয়াৰ অৰ্থ হ’ল আপুনি ঘৰতে বহি মোবাইলৰ জৰিয়তে আপোনাৰ আধাৰ কাৰ্ডৰ পুৰণি ফটো সলনি কৰিব নোৱাৰিব। গতিকে যদি আপোনাৰ আধাৰ কাৰ্ডৰ ফটোখন ভাল নাপায় আৰু আপুনি সেইটো সলনি কৰিব বিচাৰে তেন্তে ওচৰৰ আধাৰ কাৰ্ড চেণ্টাৰলৈ গৈ সহজেই সলনি কৰিব পাৰিব।