1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 3, 2024, 11:20 am
Trending:
আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে? ঔষধী গুণ সম্পন্ন মধুৰীৰ লগতে মধুৰীৰ পাতেও ভাল কৰিব পাৰে ভিন্ন ৰোগ! মছন্দৰীৰ গুণাগুণ সম্পৰ্কে জানেনে আপুনি? যদি নাজানে এই প্ৰতিবেদন আপোনাৰ বাবে! ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল! কি কৰিলে আপোনাৰ আঁঠুৰ বিয় ভাল হ’ব নিমিষতে!

সমাপ্তি ‘ক’লা’ অধ্যায়ৰ! ক’লাৰ মৃত্যু দুৰ্ঘটনা নে এনকাউণ্টাৰ…

  • Update Time : Wednesday, December 1, 2021

ডিজিটেল ডেস্কঃ ক’লা লৰাৰ অধ্যায়ৰ সমাপ্তি ঘটিল। নিশাৰ ভাগত আৰক্ষীয়ে ড্ৰাগচৰ ঘাটি দেখুৱাবলৈ ক’লা লৰা ওৰফে নিৰজ দাসক লৈ যোৱা অৱস্থাতে পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীৰ গাড়ীৰ খুন্দাত নিহত হৈছে ক’লা লৰা।

ক’লা লৰাৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পিছতেই সমগ্ৰ ৰাজ্যতে প্ৰায়সংখ্যক লোকেই অসম আৰক্ষীক ধন্যবাদ জনোৱাৰ লগতে ক’লা লৰাৰ ‘ক’লা অধ্যায়ৰ’ সমাপ্তি ঘটা বুলি উৎফুল্লিতও হৈ পৰিছে। ২৯ নৱেম্বৰত এটা সৰু ঘটনাক কেন্দ্ৰ কৰি যোৰহাটৰ নিৰ্মল চাৰিআলিত ক’লা লৰা সহিতে প্ৰায় ৫০ গৰাকী লোকে কোবাই কোবাই হত্যা কৰিছিল অনিমেষ ভূঞাক। তাৰ পিছতেই সমগ্ৰ ৰাজ্যতে দাবী উঠিছিল যে হত্যাকাৰীকেইজনৰ বিৰুদ্ধে উচিত শাস্তি হ’ব লাগে। আৰু বুধবাৰৰ পুৱতি নিশা প্ৰায় ২ বাজি ২৯ মিনিটত জিপি সিঙৰ এটা টুইটে কঢ়িয়াইছিল অনিমেষৰ পৰিয়ালক সকাহ দিয়া এটা খৱৰ।

‘প্ৰত্যেক ক্ৰিয়াৰে এটা বিপৰীত প্ৰতিক্ৰিয়া থাকে’- নিউটনৰ তৃতীয় সুত্ৰ, এই পষ্টটো বনজুইৰ দৰে বিয়পি পৰিছে সমগ্ৰ ৰাজ্যতে। হয়তো প্ৰথমবাৰৰ বাবে মৃত্যুৱেও সুখ কঢ়িয়াইছে। একাংশৰ মতে, এই মৃত্যুৱে কিন্তু ন্যায় ব্যৱস্থাটোলৈকে অশনি সংকেত কঢ়িয়াইছে। ক’লাৰ মৃত্যুৰ পিছতেই সমগ্ৰ যোৰহাট চহৰত চলা উল্লাস, ক’লাৰ মৃত্যুত ফটকা ফুটোৱাক লৈও একাংশই কৈছে যে, এই বন্য উন্মাদনাও কিন্তু সমাজৰ বাবে ক্ষতিকাৰক। আনহাতে ক’লাৰ মৃৃত্যুৰ খবৰ লাভ কৰাৰ পিছতেই অনিমেষৰ মাতৃ হৃদয় পুনৰ এবাৰ কান্দি উঠিল। নিজ পুত্ৰক হেৰুৱাই ভাঙি পৰা অনিমেষৰ মাতৃয়ে
কিন্তু ক’লাৰ মৃত্যৱে আৰু এজনী মাতৃৰ বুকু শুদা হোৱাটোক লৈও মন্তব্য কৰিছে লগতে বুধবাৰে অনিমেষৰ তিলনীত ক’লাৰ আত্মাৰ সদগতিৰ কামনাৰে প্ৰাৰ্থনা কৰাও পৰিলক্ষিত হৈছে।

উল্লেখ্য যে, পুৱাৰে পৰা ক’লা গুণ্ডাৰ মৃত্যু দুৰ্ঘটনাত হোৱা বুলি প্ৰকাশ হৈ থকা খবৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে,’ ক’লাৰ মৃত্যুৰ খবৰ শুনিছো। আৰক্ষীৰ হাতৰ পৰা পলাবলৈ যত্ন কৰোতেই আৰক্ষীৰ গুলীত নিহত হৈছে।’ বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক মন্তব্যত প্ৰকাশ কৰিছে। অৱশ্যে এই সন্দৰ্ভে সঠিক তথ্যৰ খবৰ কৰিব বুলিও জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme