সন্তৰণবিদ এলভিছ আলী হাজৰিকাৰ এক সিদ্ধান্তই আচৰিত কৰিছে সকলোকে, ৪০ বছৰীয়া বৰ্ণিল কেৰিয়াৰৰ সমাপ্তি কৰিব এলভিছ আলী হাজৰিকাই। অতিশীঘ্ৰেই জলকোঁৱৰ হিচাপে খ্যাত এলভিছ আলী হাজৰিকাই আৰম্ভ কৰিব চাৰিটা নতুন ইভেণ্ট। চলিত বৰ্ষৰ ডিচেম্বৰৰ পৰা আৰম্ভ কৰিব সন্তৰণবিদগৰাকীয়ে ৪ টাকৈ দুঃসাহসিক অভিযান। ছি লিংকৰ পৰা মুম্বাই গেটলৈ মুঠ ৪৫ কিলোমিটাৰ সাতুৰিব এলভিছ আলী হাজৰিকাই।
ইয়াৰ বাবে সময় লাগিব প্ৰায় ১২ঘন্টা। নিশা সাঁতোৰ আৰম্ভ কৰি দুপৰীয়া ১২ মান বজাত শেষ হ’ব সাগৰৰ বুকুত এই দুঃসাহসিক অভিযান৷
পুনৰ ২০২৫ চনৰ এপ্ৰিলত আন এক অভিযানৰ বাবে প্ৰস্তুত হ’ব এলভিছ। ইয়াৰ পিচতেই জুলাই আৰু আগষ্টতো আছে দুটাকৈ ইভেন্ট।
সংবাদমেল সম্বোধন কৰি জলকোঁৱৰগৰাকীয়ে কয়- ‘পানী অবিহনে মই জীৱনটো কল্পনা কৰিব নোৱাৰো, কাৰণ জীৱনৰ প্ৰায় ৪০ বছৰে পানীৰ সৈতে মোৰ সম্পৰ্ক। এটা এটা ইভেন্ট অৰ্থাৎ এটা এটা এটা সাঁতোৰৰ অনুষ্ঠানত বহু টকা খৰচ হয়, লগতে নিজৰ প্ৰাণকো তুচ্ছ কৰি এই অভিযানসমূহ কৰি আহিছো কিন্তু, যদিহে মই এই অভিযানবোৰৰ বাবে স্পনছৰশ্বিপ নাপাও তেন্তে অনিচ্ছাকৃতভাৱে হ’লেও মই অৱসৰ ল’ব লাগিব৷’