1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 3, 2024, 10:06 am
Trending:
এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে? ঔষধী গুণ সম্পন্ন মধুৰীৰ লগতে মধুৰীৰ পাতেও ভাল কৰিব পাৰে ভিন্ন ৰোগ! মছন্দৰীৰ গুণাগুণ সম্পৰ্কে জানেনে আপুনি? যদি নাজানে এই প্ৰতিবেদন আপোনাৰ বাবে! ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল! কি কৰিলে আপোনাৰ আঁঠুৰ বিয় ভাল হ’ব নিমিষতে! ‘কল্কি ২৮৯৮ ‘ ছবিখনে বৰ্তমানৰলৈকে কিমান টকা উপাৰ্জন কৰিলে?

সংসদৰ শীতকালীন অধিবেশনত বাতিল হ’ব কৃষি আইন…!

  • Update Time : Monday, November 29, 2021

ডিজিটেল ডেস্কঃ সোমবাৰৰ পৰা আৰম্ভ হৈছে সংসদৰ শীতকালীন অধিবেশন। শীতকালীন অধিবেশন আৰম্ভ হোৱাৰ লগে লগে সকলোৰে দৃষ্টি কেৱল এতিয়া তিনিখনকৈ কৃষি আইন। ১৯ নৱেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষি বিল তিনিখন উঠাই লোৱা হ’ব বুলি ঘোষণা কৰাৰ পিছতেই সকলোৱে বাট চাই ৰৈছে সংসদৰ শীতকালীন অধিবেশনৰ বাবে। সংসদৰ এই অধিৱেশনত কেৱল কৃষি আইনেই নহয় অন্য ৩৬ খন বিধায়কক লৈয়ো পৰ্যালোচনা কৰা হ’ব। লগতে বিৰোধীয়েও দেশ কপোঁৱা পেগাছাছ বিষয়টোক লৈ চৰকাৰক প্ৰশ্ন তোলাৰ সম্ভাৱনা আছে।

সংসদৰ এই অধিৱেশনতেই ৩৬ খন আইনী বিধেয়ক আৰু এখন বিত্তীয় বিধেয়কো উত্থাপন হোৱাৰ সম্ভাৱনা আছে। আনহাতে অধিৱেশনৰ প্ৰথম দিনটোতেই কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে কৃষি আইন তিনিখনৰ বাতিলৰ বিধেয়কখন লোকসভাত উত্থাপন কৰিব। অধিবেশনত বিজেপি সাংসদসকলৰ লগতে বিৰোধী দলৰ সাংসদসকলকো উপস্থিত থাকিবলৈ হুইপ জাৰি কৰা হৈছে। এই অধিবেশনতে অন্য এখন গুৰুত্বপূৰ্ণ বিধেয়ক ক্ৰিপ্টোকাৰেন্সি বা অফিচিয়েল ডিজিটেল মুদ্ৰা বিধেয়ক উত্থাপন হ’ব।

উল্লেখ্য যে, শীতকালীন আধিবেশনৰ পূৰ্বে পতা সৰ্বদলীয় বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত নথকাক লৈও উত্থাপিত হৈছে প্ৰশ্ন। কিয় দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে নিয়ম উলংঘা কৰি বৈঠকত নাথাকিল এই বিষয়ে বিৰোধীয়ে কৰা প্ৰশ্নত সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কয় যে, প্ৰধানমন্ত্ৰীয়ে কোনো নিয়ম উলংঘা কৰা নাই বৰঞ্চ সৰ্বদলীয় বৈঠকত প্ৰধানমন্ত্ৰী উপস্থিত থাকিব বুলি কোনো ধৰাবন্ধা নিয়ম নাই। বিৰোধীয়ে সংসদীয় পৰিক্ৰমা মন্ত্ৰীৰ উত্তৰত সন্তুষ্ট হোৱা নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষি আইন বাতিলৰ প্ৰসংগটো লৈ বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰিব বুলিয়েই সৰ্বদলীয় বৈঠকৰ পৰা আঁতৰি আছে বুলিও কৈছে বিৰোধীয়ে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme