আমাৰ জীৱনটো এখন নাটকৰ দৰে, এখন নাটকৰ এটা কাহিনীৰ দৰে প্ৰতিজনৰে জীৱন৷ প্ৰতিজন মানুহৰে জীৱনটো অভিনয়ৰ দৰে৷ আমি যেন প্ৰত্যেকেই এখন এখন নাটকত অভিনয়হে কৰি আছোঁ৷
এখন নাটকত যেনেদৰে ইটোৰ পিছত সিটো দৃশ্যত নেপথ্য সংগীত লগোৱা হয় তেনেদৰেই যেন আমাৰ জীৱনটোও মিউজিক তথা গীতৰ তালে তালে চলি গৈ আছে৷ মন কৰিবচোন, কোনো এটা গান যেতিয়া ডাঙৰকৈ বাজি থাকিব বা কোনো এট গান হেডফোন লগাই শুনি থাকিব তেতিয়া সেই গানটোৰ সৈতে যেন আমাৰ পৰিস্থিতি, আমাৰ জীৱনৰ কথা বহুখিনিৰ মিল আছে৷ দুখ লগা গানেই হওঁক বা সুখৰ প্ৰতিটো গীত আমাৰ জীৱনৰ পৰিস্থিতিৰ সৈতে মিল আছে৷ এই ধৰক আপুনি শুনি আছে জুবিন গাৰ্গৰ,
‘‘বিষাদ বেদনাই, বুকুতে খুন্দিয়াই
মৰমে কান্দিছে হায়, কাকো নাপায়’’
গীতটো শুনাৰ লগে লগে আপোনাৰো গীতটোৰ সৈতে বিলীন হ’বলৈ মন যায় আৰু তেনেকায়ে আপোনাৰো মনটো বেদনাৰে ভৰি পৰে৷
যদি আপুনি দুখত আছে বা মন বেয়া আৰু সেই সময়ত যদি শুনিবলৈ পোৱা যায়
‘মিঠা মিঠা কথাৰে মন ভুলালি,
লাহে লাহে আহি মোৰ আপোন হ’লি’
এই গাতটো শুনাৰ লগে লগে নিশ্চয় মনটো ভাল লাগি যায় নহয়নে?
ঠিক তেনেদৰে প্ৰেম প্ৰেম ভাৱ জাগ্ৰত কৰিবলৈও কোনো এটা গীতেই যথেষ্ট, প্ৰৱীণ বৰাৰ
‘ভাল লগা নে ভালপোৱা’ এই গীতটি শুনিলে প্ৰেম নিশ্চয় হ’ব নে কি কয়?
আচলতে আমাৰ সকলোৰে জীৱনতো গীতৰ মেৰপাকত সোমাই পৰিছে, আপোনাৰ জীৱনৰ প্ৰতিটো পৰিস্থিতিৰ সৈতে লগ দিয়ে ধুনীয়া গীত সমূহে৷