1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:33 am

ষ্টেণ্ডফৰ্ড বিশ্ববিদ্যালয়ে প্ৰকাশ কৰা বিশ্বৰ শ্ৰেষ্ঠ ২শতাংশ বিজ্ঞানীৰ তালিকাত সন্নৱিষ্ট ছিপাঝাৰৰ যুৱকৰ নাম!

  • Update Time : Saturday, September 21, 2024

ষ্টেণ্ডফৰ্ড বিশ্ববিদ্যালয়ে প্ৰকাশ কৰা বিশ্বৰ শ্ৰেষ্ঠ ২ শতাংশ বিজ্ঞানীৰ তালিকাত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে ছিপাঝাৰ
গেৰেণ্ট গাঁৱৰ ডঃ সাগৰ ভট্টৰায় নামৰ যুৱকজনে। বিগত ৫ বছৰে পুনৰ নৱীকৰণ শক্তি বিষয়ত গৱেষণা কৰা কনিষ্ঠতম বিজ্ঞানী
সাগৰ ভট্টাৰায়ে এই স্বীকৃতি লাভ কৰি গাঁও তথা নিজ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। বৰ্তমান আই আই টি গুৱাহাটীত গৱেষক বিজ্ঞানী
হিচাপে কৰ্মৰত হোৱাৰ উপৰিও পঞ্জাৱৰ চিটকাৰা বিশ্ববিদ্যালয়ত অতিৰিক্ত শিক্ষক হিচাপে কৰ্মৰত ডঃ সাগৰৰ এই সফলতাৰ বাবে
উৎফুল্লিত হৈ পৰিছে গাঁওবাসী। আনফালে অতি পিছপৰা অঞ্চলৰ শিক্ষক টংকপ্ৰসাদ ৰায় মাতৃ ঝৰ্ণা ভট্টাৰায়ৰ সুযোগ্য সন্তান সাগৰ ভট্টাৰায়ৰ
এই সফলতাত ঘৰখনত এক আনন্দময় পৰিৱেশৰ সৃষ্টি হৈছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme