জেতুকা এবিধ সকলোৰে পৰিচিত উদ্ভিদ। ৰঙালী বিহুত জেতুকা নহলেই নহয়। ৰঙালী বিহুৰ বাহিৰেও বছৰৰ আন আন সময়ত অসমৰ মানুহে ৰং লগাবলৈ বা বিভিন্ন ৰোগৰ ঔষধ হিচাপে জেতুকা ব্যৱহাৰ কৰে।
নাচনি বুলিলেই বহাতত জেতুকাৰ বোল। পিছে জেতুকা কেৱল বিহুৰ সময়তে নহয়, আপোনাৰ শৰীৰৰ সৰু সৰু ভিনিন ৰেগৰ বাবে জেতুকা প্ৰয়োজনীয়।
. জেতুকা চুলিত ব্যৱহাৰ কৰিলে চুলি পকা বন্ধ হয় আৰু উফিৰ পৰাও বাচি থাকিব পাৰি।
. ভৰিৰ পোৰণি, ভৰিৰ বিষ আদি সমস্যাৰ উদ্ভৱ হোৱা দেখা যায়। ভৰিত পোৰণিৰ লগতে ভৰি কুট-কুটোৱা, জিনজিনোৱা, বিষ হোৱা আদি লক্ষণত জেতুকা পাতৰ ৰস প্রস্তুত কৰি সানিব লাগে। তেনে কৰিলে
এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব।
. মুখৰ ভিতৰত ঘাঁ হোৱা, জিভাত ফোঁহা উঠি আদি সমস্যাত জেতুকাৰ কেইখিলামান পাত চোবাই ৰস খালে ভাল হয়।
. জেতুকাৰ ৰস শৰীৰৰ গা-মুখ, কঁকাল, পিঠিত ঘঁহিলে ছাল মসৃণ হয় আৰু ঘামচি ভাল হয় ।
. শৰীৰৰ দুৰ্গন্ধ, ঘাম আদিৰ পৰা পৰিত্ৰাণ পাবলৈ পানীত জেতুকা পাতৰ ৰস । পাঁচ-ছয় দিন পৰ্যন্ত এনেদৰে গা-ধুলে শৰীৰৰ দুৰ্গন্ধ, ঘাম আদি কমি যাব।