1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 4:53 am

শৰীৰৰ ছালৰ লগতে মুখৰ যত্ন লওঁক ঘৰুৱা উপায়েৰে!

  • Update Time : Sunday, August 25, 2024

.ৰঙা গোলাপৰ পাহি মাখনৰ লগত বটি বটলত ভৰাই থব। ৰাতি শোৱাৰ সময়ত এই মাখন ওঠঁত সানি শুই থাকিব। শুকান আৰু ফটা ওঁঠৰ বাবে এই মিশ্ৰণ বৰ ভাল আৰু এসপ্তাহ ব্যৱহাৰৰ পিছত ওঠঁ গুলপীয়া হৈ পৰিব।

.চকুত নিয়মীয়াকৈ গোলাপ জল দিব। গোলাপ জলে চকু দুটা শীতল কৰি ৰখাৰ লগতে চকুৰ উজ্জ্বলতা বঢ়াব।

.এচামুচ অলিভ অয়লৰ লগত চাৰি টোপাল নেমুৰ ৰস মিহলাই মুখত সানি তলৰ পৰা ওপৰলৈ মালিচ কৰক। ২০ মিনিটৰ পিছত কুহুমীয়া গৰম পানীৰে মুখখন ধুই পেলাওক। শুকাই যোৱা ছালৰ বাবে এই মিশ্ৰণ বৰ উপকাৰী।

.মুৰ্গীৰ কণী এটা, এঁৱা গাখীৰ এচামুচ আৰু এচামুচ বিশুদ্ধ মৌ মিহলাই ফেটি লৈ পেষ্ট বনাওক। এই পেষ্ট মুখত দুবাৰকৈ সানি আধা ঘণ্টা ৰাখি মুখ ধুই পেলাওক। এনেদৰে .পুৱা-গধূলি দুবাৰকৈ একেৰাহে পোন্ধৰ দিন সানিলে মুখৰ ৰং বগা হব আৰু মুখৰ উজ্জ্বলতা বাঢ়িব।

. মুখৰ শালমইনা নাইকীয়া কৰিবৰ কাৰণে আন এটি উপায় হ’ল- কেঁচা পদিনা পাত বটি তাৰ লগত নেমুৰ ৰস দুই তিনিটোপাল দি দিয়ক। এই মিশ্ৰণ মুখত সানি ৩-৪ মিনিট সময়ৰ পিছত ঠাণ্ডা পানীৰে ধুই পেলাওক। এনে ব্যৱস্থা দিনে এবাৰকৈ এসপ্তাহ কৰিলে চেহেৰা উজ্জ্বল আৰি কান্তিময় হৈ পৰিব।

. বেচনত গাখীৰ বা দৈৰ লগত আধা চামুচ হালধি গুৰি মিহলাই মুখত সানিলে মুখ সুন্দৰ আৰু কমনীয় হৈ উঠে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme