শৰীৰটোক সুস্থ কৰি ৰাখিবলৈ হ’লে আমি বহু চেষ্টা কৰো, সুূস্থ শৰীৰগৰাকী হ’বলৈ হ’লে আমাক প্ৰ’টিনৰ প্ৰয়োজন হয়। পেশী গঠন, হ’ৰমনৰ ভাৰাসাম্যতা বজায় ৰাখিবলৈ প্ৰ’টিন অতি গুৰুত্বপূৰ্ণ। আমাৰ খাদ্য তালিকাত নিতৌ প্ৰটিনযুক্ত খাদ্য থকাটো গুৰুত্বপূৰ্ণ। কিন্তু শৰীৰত প্ৰটিনৰ অভাৱ হ’লে ই আমাৰ দেহৰ বাবে ভাল লক্ষণ নহয়, সেয়ে দুই-এটা লক্ষণ দেখা পালে শৰীৰত প্ৰটিনৰ অভাৱ হৈছে নে নাই সেয়া আমি বুজিব পাৰো। কোনো বিশেষ কাৰণ নোহোৱাকৈ যদি আপোনাৰ চুলি সৰিবলৈ আৰম্ভ কৰিছে বা চুলি পাতল হৈ পৰিছে,লগতে চুলি অকালতে ধূসৰ হোৱা আৰম্ভ কৰে, তেন্তে আপুনি গম পাব যে আপোনাৰ দেহত প্ৰটিনৰ অভাৱ হৈছে। আনহাতে শীতকালৰ বাহিৰে যদি আন যিকোনো সময়ত ছাল ফাটিবলৈ আৰম্ভ কৰে বা কোনো কাৰণ নোহোৱাকৈ ছালত ক’লা দাগে দেখা দিয়ে বা ফোঁহা ওলায়, তেতিয়া বুজি উঠিব যে আপোনাৰ দেহত প্ৰটিনৰ অভাৱ হৈছে। পেশী গঠনত প্ৰটিনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গতিকে পেশীৰ বিষ হ’লে নতুবা সদায় ভাগৰুৱা অনুভৱ কৰিলে, ই প্ৰটিন অভাৱৰ লক্ষণ, যাৰ ফলত হাড়বোৰ দুৰ্বল হৈ পৰে। প্ৰটিনৰ অভাৱ হ’লে শিশুৰ বৃদ্ধিত ব্যাঘাত জন্মে আৰু মগজুৰ উন্নত বিকাশ নহয়, ৰোগ প্ৰতিৰোধৰ ক্ষমতাও কমি আহিব ধৰে। ফলত সহজে ফ্লু আৰু বেক্টেৰিয়া আদি বিভিন্ন সমস্যাৰ দ্বাৰা সংক্ৰমিত হয়।
কিদৰে দূৰ হ’ব প্ৰ’টিনৰ অভাৱ?
বিভিন্ন প্ৰকাৰৰ খাদ্যত কম-বেছি পৰিমাণে হ’লেও প্ৰ’টিন থাকে। গাখীৰ তথা দুগ্ধজাত সামগ্ৰী, মাছ, মাংস, কণী, বিভিন্ন ধৰণৰ দালি, অটছ, ডালিয়া আলমণ্ডকে ধৰি বিভিন্ন বাদামত প্ৰচুৰ পৰিমাণে প্ৰটিন পোৱা যায়। আনহাতে বিভিন্নধৰণৰ শাক-পাচলি যেনে কচু, ব্ৰকলি, বীন আদিতো যথেষ্ট পৰিমাণৰ প্ৰটিন থাকে। গতিকে পুষ্টিবিদসকলে শৈশৱৰ পৰাই এইসমূহ খাদ্য, খাদ্যৰ তালিকাত ৰাখিবলৈ পৰামৰ্শ দিয়ে। অৱশ্যে শৰীৰত প্ৰ’টিনৰ পৰিমাণ প্ৰয়োজনতকৈ অধিক হ’লেও বিভিন্নধৰণৰ সমস্যাই দেখা দিব পাৰে। সেয়েহে চিকিৎসকলে বয়স, শৰীৰৰ উচ্চতা আৰু ওজন অনুযায়ীহে প্ৰ’টিন খোৱাৰ পৰামৰ্শ প্ৰদান কৰে।