1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
April 2, 2025, 10:49 am

শ্ৰোতাক নতুন সোৱাদ প্ৰদান কৰিবলৈ ব্যতিক্ৰমী ৰূপত “Coke Studio 3”

  • Update Time : Wednesday, March 26, 2025

ন ৰূপত ন সাজত পুনৰ শ্ৰোতাৰ মাজলৈ উভতি Coke Studio 3, সম্পূৰ্ণ ব্যতিক্ৰমী ৰূপত দৰ্শকৰ মনোৰঞ্জনৰ স্বাৰ্থত উভতি আহিছে Coke Studio 3। উল্লেখযোগ্য যে অসমৰ যুৱপ্ৰজন্মৰ মাজত বৰ্তমান চৰ্চাত থকা কণ্ঠশিল্পী শংকুৰাজ কোঁৱৰকো দেখা পোৱা গৈছে Coke Studio 3 এক ব্যতিক্ৰমী ৰূপত। আনহাতে লাইন আপৰ ভিতৰত আছে বিশাল মিশ্ৰ, মালিনী অৱস্থী, শালমালি খোলগাড়ে, সন্তোষ নাৰায়ণন, শংকুৰাজ কোঁৱৰ, ধনদা ন্যোলিৱালা, প্ৰতীক্ষা শ্ৰীবাস্তৱ, অফ্ৰ’, থিয়াৰাজক্সট, গুলাব সিদ্ধু, জছা ধিলন, ৰাগিন্দৰ, আদিত্য গাধৱী, মধুবন্তী বাগচি ইত্যাদি। শেহতীয়াকৈ শংকুৰাজ কোঁৱৰ আৰু বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী শালমালি খোলগাড়েৰ এটা বিশেষ গীতত দেখিব পোৱা গৈছে যুগলবন্দী যিটো গীত বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। “HOLO LOLO” শীৰ্ষক এই গীতটিয়ে শ্ৰোতাৰ পৰা যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে, উক্ত গীতটিত অসমীয়া বিহু সংগীতক এক ব্যতিক্ৰমী ৰূপত উপস্থাপন কৰা দেখা পোৱা গৈছে।অকল শংকুৰাজ কোঁৱৰে নহয় উক্ত গীতটিত দেখিব পোৱা গৈছে কেইবাগৰাকীও অসমীয়া শিল্পীকো। “HOLO LOLO” শীৰ্ষক এই বিহুগীতটিয়ে এতিয়া একাংশ সংগীতপ্ৰেমীৰ মনত এক সুকীয়া স্থান নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme