এদিন অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণক সুধিলে, ‘হে কেশৱ, আমাৰ জীৱনত প্ৰেম বাৰ বহুবাৰ আহে, এই বাৰে বাৰে প্ৰেম অহাটো উচিত নে অনুচিত?’ অৰ্জুনৰ প্ৰশ্ন শুনি শ্ৰীকৃষ্ণই ক’লে, ‘ জীৱনলৈ প্ৰেম বাৰে বাৰে আহিব পাৰে কিন্তু মন যেতিয়া সংযমী আৰু স্থিতপ্ৰজ্ঞ হৈ পৰে তেতিয়া প্ৰেমৰ ৰূপ সমূহো বেলেগ বেলেগ হৈ পৰে৷ পৃথিৱীত যি আছে, যি হৈ আছে, সকলো পৰিৱৰ্তনশীল৷ সময়ৰ লগে লগে মানুহ সলনি হয় ,সমাজৰ উন্নতি হয়, সত্য কথাটো হ’ল৷ পৰিৱৰ্তনশীলতাই একমাত্ৰ ধ্ৰুৱ সত্য , আনহাতে প্ৰতিটো জড় আৰু প্ৰাণীৰ এটা নিৰ্দিষ্ট জীৱন চক্ৰ থাকে, ইয়াৰে একো স্থায়ী নহয়, জীৱনৰ মূল সত্য এয়া পাৰ্থ, কিন্তু প্ৰেম হয়তো বাৰে বাৰে জীৱনলৈ আহিব পাৰে, কিন্তু প্ৰেম পৰিৱৰ্তনশীল হ’ব নালাগে, অৰ্থাৎ কাৰোবাক কৰা প্ৰেমৰ উদ্দেশ্য পৰিৱৰ্তন নহয়, প্ৰেমৰ উদ্দেশ্য বিবৰ্তন, যি বিবৰ্তনে পুৰুষ বা নাৰীক দিয়ে অপ্ৰাপ্তিৰ মাজতো প্ৰাপ্তিৰ মাদকতা৷ কিন্তু অশ্লীলতাৰ বাসনাৰে বাৰে বাৰে প্ৰেমক পৰাটো হৈছে অপৰাধ৷যত অশ্লীলতা নাই তেনে প্ৰেম জীৱনত হাজাৰবাৰ আহিলেও কোনো ক্ষতি নাই, কাৰণ প্ৰেমৰ সৰ্বশ্ৰেষ্ঠ দুটা উপাদান হৈছে বিশ্বাস আৰু সমৰ্পন, যি সমৰ্পনত নাই অশ্লীলতা আছে কেৱল ইজনৰ প্ৰতি সিজনৰ দায়বদ্ধতা৷