1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 8, 2025, 7:38 am
Trending:
নিশা বহু দেৰিলৈকে টোপনি আপোনাৰো নাহে নেকি? শীঘ্ৰেই সলনি কৰক এই অভ্যাস অন্যথা বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব ৫টা ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ প্ৰমাণিত ৰূপৰ আঙুঠি, জানি লওঁক সবিশেষ মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов

শ্ৰমিক দিৱস কিয় পালন কৰা হয়?

  • Update Time : Wednesday, May 1, 2024

আজি ১ মে’, শ্ৰমিক দিৱস। সমগ্ৰ বিশ্বজুৰি প্ৰতিবছৰেই আজিৰ দিনটো শ্ৰমিক দিৱসৰূপে উদযাপন কৰা হয়। বিশ্বৰ বিভিন্ন প্ৰান্তত সংঘটিত হোৱা ঐতিহাসিক শ্ৰমিক আন্দোলন আৰু শ্ৰমিক সকলৰ কষ্ট, ত্যাগৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি সমগ্ৰ বিশ্বতে প্ৰতি বছৰে ১ মে’ত আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস বা শ্ৰমিক দিৱস পালন কৰা হয়। মে’ দিৱস হিচাপেও জনাজাত এই দিৱস শ্ৰমিক শ্ৰেণীৰ অৱদানৰ স্মৃতিত, কঠোৰ আৰু অসুৰক্ষিত পৰিৱেশত কাম কৰা শ্ৰমিকসকলৰ প্ৰতি হোৱা অন্যায়ৰ বিৰুদ্ধে যুঁজিবলৈ পালন কৰা হয়। শ্ৰমিক দিৱসৰ আছে এক দীঘলীয়া ইতিহাস তথা অধ্যায়। ইতিহাসে প্রমাণ কৰে যুগে-যুগে শ্রমজীৱী মানুহ শোষিত আৰু বঞ্চিত হৈ আহিছে। পৃথিৱীৰ শ্ৰমিকসকলৰ বুৰঞ্জীয়ে কয়- শিল্প বিপ্লৱৰ পিছৰে পৰাই বৃহৎ কল-কাৰখানা গঢ় লৈ উঠাত বুজন সংখ্যক শ্ৰমিকৰ প্ৰয়োজন হৈছিল। লগে লগে জন্ম পাইছিল পুঁজিপতি শ্ৰেণীটোৱে। পুঁজিপতিসকলে অতি সামান্য মজুৰিৰ বিনিয়মত শ্ৰমিকসকলক দৈনিক ১৮ৰ পৰা ২০ ঘন্টা পৰ্যন্ত কামত খটুৱাইছিল, যিটো কোনোফালৰ পৰা যুক্তিসংগত নহয় বুলি শ্ৰমিকসকলে আপত্তি দৰ্শাইছিল। কিন্তু দৈহিক শাস্তিৰ ভয়ত বহুসংখ্যক শ্ৰমিকে নিয়াৰিকৈ কামখিনি কৰিবলৈ বাধ্য হৈছিল ইচ্ছাৰ বিপৰীতে।
১৯২৩ চনৰ ১ মে তাৰিখে চেন্নাইৰ পৰা ভাৰতত শ্ৰমিক দিৱস আৰম্ভ হৈছিল। হিন্দুস্তান লেবাৰ কিষাণ পাৰ্টিৰ অধ্যক্ষতাত এই সিদ্ধান্ত লোৱা হৈছিল। এই সভাখনে বহুতো সংগঠন আৰু সামাজিক গোটৰ সমৰ্থন লাভ কৰিছিল। ১৯২৩ চনৰ ১ মে তাৰিখে চেন্নাইৰ পৰা ভাৰতত শ্ৰমিক দিৱস আৰম্ভ হৈছিল। হিন্দুস্তান লেবাৰ কিষাণ পাৰ্টিৰ অধ্যক্ষতাত এই সিদ্ধান্ত লোৱা হৈছিল। এই সভাখনে বহুতো সংগঠন আৰু সামাজিক গোটৰ সমৰ্থন লাভ কৰিছিল।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme