ডিজিটেল ডেস্কঃ আজি ১০ ডিচেম্বৰ। ১৯৭৯ চনৰ আজিৰ দিনটোতে অসম আন্দোলনত জাতি ৰক্ষাৰ বাবে আত্মবলিদান দিছিল বৰপেটা জিলাৰ ভৱানীপুৰৰ যুৱক খৰ্গেশ্বৰ তালুকদাৰে৷ অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদেই হৈছে খৰ্গেশ্বৰ তালুকদাৰ। অসম আৰু অসমীয়াৰ স্বাৰ্থত গণ আন্দোলনত নিজৰ প্ৰাণ আহুতি দিছিল খৰ্গেশ্বৰ তালুকদাৰে।
খৰ্গেশ্বৰ তালুকদাৰে ১৯৫৯ চনত বৰপেটা জিলাৰ ভৱানীপুৰ অঞ্চলৰ উজান বৰবড়ীত জন্মগ্ৰহণ কৰিছিল। সদৌ অসম ছাত্ৰ সন্থাৰ সক্ৰিয় কৰ্মী খৰ্গেশ্বৰ তালুকদাৰে আন্দোলন আৰম্ভ হোৱাৰ সময়তে ১৯৭৯ চনৰ ১০ ডিচেম্বৰত লোকসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলত বাধা দিবলৈ গৈ আৰক্ষীৰ গুলীত নিহত হয়। অসমজুৰি বিয়পি পৰিল খৰ্গেশ্বৰৰ মৃত্যুৰ খবৰ৷ লগে লগে আন্দোলনৰ জুইকুৰা দপদপকৈ জ্বলি উঠিল৷ অহিংস ভাৱেই আৰম্ভ হোৱা আন্দোলনটো খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যুৰ পিছতেই হিংসাত্মক ৰূপ ধাৰণ কৰে। আন্দোলনকাৰীক কঠোৰভাৱে দমন কৰিবলৈ তৎপৰ হৈ পৰিল আৰক্ষীও। আন্দোলনকাৰীৰ ওপৰত আৰক্ষী তথা নিৰাপত্তা বাহিনীৰ লাঠি আৰু গুলী চলিবলৈও আৰম্ভ হ’ল৷ দুটাকৈ আৰ্মীৰ অপাৰেচন সেই অপাৰেচনে পংগু কৰিছিল বহুজনক, হেৰাইছিল বহু আত্মীয়৷
খৰ্গেশ্বৰ তালুকদাৰৰ পিছত অন্য ৮৫৪ জনে অসম আন্দোলনত প্ৰাণ আহুতি দিয়ে। খৰ্গেশ্বৰ তালুকদাৰকে ধৰি অসম আন্দোলনত শ্বহীদ হয় মুঠ ৮৫৫ জন। অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ লগতে ৮৫৪ জন বীৰ শ্বহীদক সুঁৱৰি প্ৰতিবছৰে ৰাজ্যত শ্বহীদ দিৱস পালন কৰি অহা হৈছে। ৮৫৫ জন শ্বহীদৰ প্ৰাণৰ বিনিময়ত ১৯৮৫ চনৰ ১৫ আগষ্টত ভাৰত চৰকাৰৰ সৈতে স্বাক্ষৰিত হয় ঐতিহাসিক অসম চুক্তি৷
উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত শুকুৰবাৰে সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয় পৰিষদ আদি দল সংগঠনে আয়োজন কৰিছে শ্বহীদ দিৱসৰ৷ শ্বহীদ দিৱসৰ এই দিনটোতে অসমৰ কা’ আন্দোলনত প্ৰাণ আহুতি দিয়া চেম ষ্টেফৰ্ডকে ধৰি অন্য কেওজন শ্বহীদকো সোঁৱৰিছে ৰাজ্যবাসীয়ে৷