1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 1, 2024, 1:18 pm
Trending:
ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল! কি কৰিলে আপোনাৰ আঁঠুৰ বিয় ভাল হ’ব নিমিষতে! ‘কল্কি ২৮৯৮ ‘ ছবিখনে বৰ্তমানৰলৈকে কিমান টকা উপাৰ্জন কৰিলে? কিছু সৰু সৰু অভ্যাসে ধ্বংস কৰিব পাৰে যকৃত্! সুনীতাৰ বাবে বিশ্বজুৰি প্ৰাৰ্থনা, মহাকাশৰ পৰা সোঁশৰীৰে ধৰিত্ৰীলৈ আহিব পাৰিবনে সুনীতা? ৩০ জুন, দেওবাৰে উত্তৰণৰ সম্বৰ্দ্ধনা অনুষ্ঠান! কিমান বয়সৰ লোকৰ ডেংগুত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি? বিয়াৰ বাবে স্বামী-স্ত্ৰীৰ মাজৰ বয়সৰ পাৰ্থক্য কিমান হ’ব লাগে?

শৌচাগাৰৰ কমিছন নিদিয়াৰ বাবে আঙুলি কাটিলে পঞ্চায়ত কৰ্মীয়ে

  • Update Time : Saturday, May 4, 2024

এইবাৰ শৌচাগাৰ অনুদানৰ কমিছন নিদিয়াৰ বাবেই হিতাধিকাৰীৰ আঙুলি কাটিলে পঞ্চায়ত কৰ্মীয়ে। খবৰ নগাঁৱৰ। নগাঁৱৰ সংবাদদাতা পৰিস্মিতা শইকীয়াই প্ৰেৰণ কৰা বাতৰি অনুসৰি, ঘটনা সন্দৰ্ভত ননৈ আৰক্ষী থানাত গোচৰ ৰুজু কৰাৰ পাছতো কোনো তদন্ত নোহোৱাৰ বাবে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হয় ভূক্তভোগীৰ পত্নী। নগাঁৱৰ সূতাৰ পঞ্চায়তৰ কৰ্মী তিলেশ্বৰ ভূঞাই হিতাধিকাৰি লক্ষ্মীকান্ত ভূঞাৰ পৰা অনুদানৰ শৌচাগাৰৰ কাম কৰি দিয়াৰ বাবদ বিচাৰিছিল ৩ হাজাৰ টকাৰ কমিছন। পঞ্চায়ত কৰ্মীগৰাকীক সেই কমিছন প্ৰদান নকৰাৰ বাবে হিতাধিকাৰি গৰাকীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি আঙুলি কাটে বুলি অভিযোগ উত্থাপন কৰে ভুক্তভোগীৰ পত্নীয়ে। ই সন্দৰ্ভত নগাঁও ননৈ আৰক্ষী চকীত গোচৰ ৰুজু কৰে যদিও তদন্ত নকৰাত শনিবাৰে নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এক গোচৰ তৰে ভুক্তভোগীয়ে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme