1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 1:30 am

শেষ হ’ল কৰ’না, আহিছে নতুন প্ৰজাতি…

  • Update Time : Saturday, March 19, 2022

ডিজিটেল ডেস্কঃ কৰ’না ভাইৰাছৰ শেষ কেতিয়া? এই উত্তৰটো আজিও বিশ্ববাসী অজ্ঞাত। কৰ’না মহামাৰীয়ে বিগত দুটা বছৰ ধৰি সমগ্ৰ বিশ্বকে স্তব্ধ কৰি ৰাখিছে। ২০১৯ বৰ্ষত চীনৰ ইউহান চহৰত পোন প্ৰথমবাৰৰ বাবে কৰ’না ভাইৰাছৰ ঘটনা পোহৰলৈ আহিছিল, লক্ষাধিক লোক আক্ৰান্ত হৈছিল এই ভাইৰাছত । চীনৰ পৰাই আৰম্ভ হৈছিল এই ভয়ংকৰ মহামাৰীৰ। প্ৰথম অৱস্থাত এই ভাইৰাছৰ কোনো প্ৰতিষেধক নাছিল যদিও, বৰ্তমান এই ভাইৰাছৰ প্ৰতিষেধক উপলব্ধ। কৰ’না ভাইৰাছৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় ঢৌৰ পিছত এই বৰ্ষত পুনৰাই আৰম্ভ হয় চতুৰ্থ ঢৌৰ। শেহতীয়া তথ্য অনুসৰি কৰ’না ভাইৰাছৰ চতুৰ্থ ঢৌৰ পুনৰাবিত্তি চীনৰ পৰাই আৰম্ভ হৈছে।

চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে শনিবাৰে জনোৱা অনুসৰি, কৰ’নাৰ ফলত দুজন লোকৰ মৃত্যু হৈছে। উত্তৰ-পূব জিলিন প্ৰদেশৰ পৰা দুটা মৃত্যুৰ খবৰ পোৱা গৈছে। চীনৰ এনে কিছুমান ঠাই আছিল, য’ত এজনো লোক আক্ৰান্ত হোৱা নাছিল কৰ’নাত৷ কিন্তু শেহতীয়া তথ্য অনুসৰি, উক্ত স্থানসমূহতো বৃদ্ধি পাইছে কৰ’নাৰ গণ সংক্ৰমণ৷ চীনত এতিয়ালৈকে কৰ’নাত ৪,৬৩৮ জন লোকৰ মৃত্যু হৈছে। শনিবাৰে, চীনত নতুন কৰ’না ৰোগীৰ সংখ্যা আছিল ৫০০০ জন৷

কেৱল চীনেই নহয় ইজৰাইলতো কৰ’নাৰ নতুন সংক্ৰমণৰ লক্ষণ ধৰা পৰিছে। এই ভাইৰাছবিধক অমিক্ৰ’ণৰ নতুন এক প্ৰজাতি বুলি জানিব পৰা গৈছে। কৰ’নাৰ নতুন ভাইৰাছবিধ বি.এ.১ আৰু বি.এ.২ প্ৰজাতিৰ অমিক্ৰ’ণৰ দ্বাৰা হোৱা বুলি ইজৰাইল স্বাস্থ্য মন্ত্ৰালয়ে সদৰি কৰে। এই সন্দৰ্ভত ইজৰাইল স্বাস্থ্য মন্ত্ৰালয়ে ভাৰতক আগতীয়াকৈ সতৰ্ক কৰি দিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme