1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 2:52 pm

শুই উঠিয়ে নকৰিব এইসমূহ কাম, হ’ব স্বাস্থ্যৰ ব্যাপক ক্ষতি

  • Update Time : Monday, February 19, 2024

ৰাতিপুৱা শুই উঠি এইকেইটা কাম কৰে নেকি যদি কৰে সোনকালে এৰক এই অভ্যাস।
আমি ৰাতিপুৱা শুই উঠি শৰীৰৰ যত্ন লোৱাটো উচিত। কিয়নো শৰীৰ সুস্থ হৈ থাকিলেহে মানুহৰ মনো ভালে থাকে আৰু মন ভালে থাকিলে শৰীৰো ভালে থাকে। এৰিষ্টলৰ মতে, ‘Health mind is healthy body’. বহুলোকে ৰাতিপুৱা শুই উঠিয়ে কিছুমান ডাঙৰ ভূল কৰে, যিসমূহ কাম শৰীৰৰ বাবে ক্ষতিকাৰক। যদিহে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰখাটো বিচাৰে তেন্তে
ৰাতিপুৱা শুই উঠিয়ে এইকেইটা কাম কেতিয়াও নকৰিব।
*বহুলোকে ৰাতিপুৱা শুই উঠিয়ে বিচনাতে চাহ বা কফি খাব বিচাৰে। কিন্তু বিচনাতে চাহ বা কফি খাব বিচৰাটো বেয়া অভ্যাস। ইয়াৰ সলনি শুই উঠিয়ে সদায় বিচনাতে ঠাণ্ডা পানী খাব লাগে।

*ৰাতিপুৱাৰ সময়খিনি মানসিক শান্তিৰ বাবে সকলো ব্যক্তিৰ বাবে প্ৰয়োজনীয়। পুৱাৰ সময়ত মনত কোনো মানসিক চাপৰ সৃষ্টি হলে সম্পূৰ্ণ দিনটোৰ বাবে মন অশান্তিকৰ হৈ থাকে। সেয়ে শুই উঠাৰ লগে লগে সামাজিক মাধ্যমৰ পৰা দূৰত থকাই উচিত।

*ৰাতিপুৱা দেৰিকৈ শুই উঠা বহুলোকে নিজৰ কৰ্মক্ষেত্ৰলৈ যাব লগা হলে ৰাতিপুৱাৰ আহাৰ নুখোৱাকৈ যায়। ই শৰীৰত জৈৱ-ৰাসায়নিক প্ৰক্ৰিয়া হ্ৰাস কৰে আৰু শৰীৰৰ ওজন বৃদ্ধি কৰে। গতিকে ৰাতিপুৱা কেতিয়াও আহাৰ এৰিব নালাগে।

*পৰাপক্ষত শুই উঠিয়ে কুহুমীয়া পানী খাওঁক, শুই উঠিয়ে মোবাইল চোৱাৰ পৰা বিৰত থাকক, পুৱাৰ আহাৰ নোখোৱাকৈ নাথাকিব, শুই উঠিব ব্যায়াম কৰক আৰু সু-স্বাস্থ্যৱান হৈ থাকক।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme