1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 8, 2025, 8:43 am
Trending:
নিশা বহু দেৰিলৈকে টোপনি আপোনাৰো নাহে নেকি? শীঘ্ৰেই সলনি কৰক এই অভ্যাস অন্যথা বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব ৫টা ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ প্ৰমাণিত ৰূপৰ আঙুঠি, জানি লওঁক সবিশেষ মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов

শীঘ্ৰে ছালৰ কেন্সাৰৰ প্ৰতিষেধক লাভ কৰিব বিশ্ববাসীয়ে

  • Update Time : Tuesday, April 30, 2024

সচৰাচৰ দেখিব পোৱা যায় আমাৰ দেহত ছালৰ কিছু অসুবিধা থাকিলে, ছালৰ বিভিন্নধৰণৰ ৰোগ হোৱা দেখিব পোৱা যায়। কিন্তু এই ৰোগসমূহক আমি পূৰ্ণৰূপে অৱহেলা কৰো আৰু এই অৱহেলা কৰাৰ বাবে পিছলৈ ই হৈ পৰে মাৰাত্মক। আমাৰ কিছু অসাৱধানতাৰ বাবে এটা সৰু প্ৰদাহ বা ফোহাই পিছত মাৰাত্মক কেন্সাৰলৈ ৰূপান্তৰিত হ’ব পাৰে। চিকিৎসকৰ মতে ছালৰ কৰ্কট ৰোগ তিনিপ্ৰকাৰৰ, বেচেল চেল কাৰ্চিনোমা, স্কোৱামোছ চেল কাৰ্চিনোমা আৰু মেলানোমা। এই মেলানোমা আৰম্ভণিতে নিৰাময়ৰ বাবে আহি আছে ভেকচিন। মেলানোমা কেন্সাৰৰ চিকিৎসাৰ বাবে প্ৰথমবাৰৰ mRNA কেন্সাৰ ইমিউন’থেৰাপি আৰম্ভ হ’বলৈ গৈ আছে। গৱেষকসকলৰ মতে এই ৰোগৰ ভেকচিনৰ পৰীক্ষা ইতিমধ্যে আৰম্ভ হৈছে । এই ভেকচিনে মেলানোমা কেন্সাৰৰ সম্ভাৱনা ৪৯ শতাংশ হ্ৰাস কৰিব পাৰিব বুলি গৱেষকসকলে জানিব দিছে। বিশেষজ্ঞসকলে কয় যে আগতে আমেৰিকা, ইংলেণ্ড বা অষ্ট্ৰেলিয়াৰ লোকসকলৰ টাইপ ৱান ছাল বুলি ভবা হৈছিল। অতি বগা সেই ছালত মেলানিন কম থাকে। ফলত প্ৰত্যক্ষভাৱে অতিবেঙুনীয়া ৰশ্মি শৰীৰত প্ৰৱেশ কৰে। ফলত মাৰাত্মক মেলানোমাৰ সম্ভাৱনা বেছি। চিকিত্সকলৰ মতে ভাৰতীয়সকলৰ ছাল হৈছে টাইপ ফোৰ ফাইভ, ইয়াত মেলানিনৰ সুৰক্ষা থাকে। গতিকে মেলানোমাৰ দৰে ছালৰ কৰ্কট ৰোগৰ সম্ভাৱনা কম। যিকোনো লোকৰ ছালতে এই কেন্সাৰ হোৱাৰ আশংকা অধিক থাকে, সাধাৰণতে ভৰিৰ তলৰ অংশত মেলানোমা বেছিকৈ দেখা দিয়ে। এই ধৰণৰ কেন্সাৰ গোৰোহা, ভৰিৰ পতা, ভৰিৰ আঙুলি, যৌনাংগতো দেখা যাব পাৰে। বিশেষজ্ঞসকলে কয় যে আজিৰ দিনত যি ধৰণৰ চুলিৰ ৰং বা প্ৰসাধন সামগ্ৰীৰ ব্যৱহাৰ কৰা হয় তাত ছালৰ কৰ্কট ৰোগৰ বাবে দায়ী ৰাসায়নিক পদাৰ্থ থাকে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme