ডিজিটেল ডেস্কঃ কথাতেই কোৱা হয় য’ত জীৱ তাতেই শিৱ৷ শিব অভয়শীল, সদায়ে কৃপাময় আৰু সকলোৰে ৰক্ষাকাৰী৷ তেওঁ অলপতেই সন্তুষ্ট৷ ভক্তসকলৰ ইচ্ছা পূৰণৰ ক্ষেত্ৰত তেওঁ প্ৰতিক্ষণেই প্ৰস্তুত৷ সমগ্ৰ দেশজুৰি শিৱপূজাৰ দিনটোত লিংগ পূজা কৰা হয়৷ কিন্তু কিয় এই উপাসনা? যাৰ কোনো আদি নাই অথৱা অন্তও নাই তেঁৱেই শিৱ৷ কেতিয়া আৰম্ভ হৈছিল এই পূজা এই সম্পৰ্কে বহুতেই আজিও অজ্ঞাত৷
ভগৱান শিৱ ব্ৰহ্মাৰ স্বৰূপ৷ শিৱ পূজা সমগ্ৰ দেশজুৰি দুই প্ৰকাৰে কৰা হয়৷ কোনোৱে যদি মূৰ্তি পূজা কৰে অন্য কোনোৱে লিংগ পূজা কৰে৷ তিনিলোকতেই শিৱৰ বসতি৷ বহুলোকে ভাবে যে শিৱলিঙ্গ প্ৰকৃততে এটা যৌনাঙ্গ। এই তথ্য শুদ্ধ নেকি? ‘লিঙ্গ’ শব্দটো সৎ ‘লিঙ্গম’ৰ পৰা আহিছে৷ যাৰ অৰ্থ হৈছে প্ৰতীক। শিৱলিঙ্গ শব্দটোৰ আক্ষৰিক অৰ্থ হৈছে শিৱৰ মূৰ৷ লিংগ শব্দটোৰ বাবেই বহুতেই ইয়াক অন্যধৰণে ভৱাও দেখা যায়৷ লিংগটো অনুধাৱন কৰিলে দেখা যায় যে, শিৱ লিংগৰ ওপৰত বা শিৱৰ কপালত ত্ৰিপুন্দ্ৰ নামৰ ৩ টা বগা দাগ আছে৷ শাস্ত্ৰত, লিংগৰ ব্যাখ্যা বিভিন্ন ধৰণে আছে৷ পণ্ডিতসকলৰ মতে, যি শৰীৰৰ ভিতৰতেই লীন হৈ থাকে যি কেতিয়াও পঞ্চভূতত বিলীন নহয় সেয়াই লিংগ৷ যেনেদৰে একোটা বীজত প্ৰাণ পায় উঠাৰ সম্ভাৱনা লুকাই থাকে তেনেকৈয়ে তেনেকৈয়ে লিংগ যাক ধ্যান কৰি আহিছে ত্ৰিলোকেই৷ শিৱলিঙ্গৰ ৰহস্যৰ প্ৰকৃত জ্ঞান লাভ কৰাটো আজিও সম্ভৱপৰ হোৱা নাই বুলি প্ৰায়সকল পণ্ডিতেই ক’ব খোজে৷