1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 11:10 am

শিৱসাগৰৰ পৰা জুৰীয়ালৈ ফুৰিবলৈ আহি ক’লৈ গ’ল মায়শ্ৰী

  • Update Time : Monday, March 4, 2024

জুৰীয়াত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। শিৱসাগৰৰ পৰা ফুৰিবলৈ অহা বান্ধৱীৰ লগত গৈ সন্ধানহীন মাতৃ-কন্যা। ইফালে ফুৰিবলৈ অহা বান্ধৱীগৰাকীও সন্ধানহীন হৈ পৰিছে।
উল্লেখযোগ্য যে শিৱসাগৰৰ ডিমৌৰ মায়শ্ৰী দাস নামৰ বান্ধৱীগৰাকী ফুৰিবলৈ আহিছিল জুৰীয়াৰ কালিয়াডিঙাৰ সীমা দাস বৰদলৈৰ ঘৰলৈ। শনিবাৰে পুৱা ৮ মান বজাত মায়শ্ৰী দাসক আগবঢ়াবলৈ গৈ সীমাদাস বৰদলৈ আৰু তেওঁৰ কণমানি ৪বছৰীয়া কন্যা সন্ধানহীন হৈ পৰে। ইফালে বান্ধৱীগৰাকীৰ ম’বাইলো চুইচ্ অফ হৈ থকাত উপায়ন্তৰ পৰিয়ালটোৱে অৱশেষত কাষ চাপিছে সংবাদ মাধ্যমৰ। ঘটনা সন্দৰ্ভত জুৰীয়া আৰক্ষী থানাতো দাখিল কৰিছে এজাহাৰ। যদি কোনো সদাশয় লোকে সন্ধান পায় তেন্তে 95777 20040 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান পৰিয়ালৰ।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme