1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 1, 2024, 1:39 pm
Trending:
ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল! কি কৰিলে আপোনাৰ আঁঠুৰ বিয় ভাল হ’ব নিমিষতে! ‘কল্কি ২৮৯৮ ‘ ছবিখনে বৰ্তমানৰলৈকে কিমান টকা উপাৰ্জন কৰিলে? কিছু সৰু সৰু অভ্যাসে ধ্বংস কৰিব পাৰে যকৃত্! সুনীতাৰ বাবে বিশ্বজুৰি প্ৰাৰ্থনা, মহাকাশৰ পৰা সোঁশৰীৰে ধৰিত্ৰীলৈ আহিব পাৰিবনে সুনীতা? ৩০ জুন, দেওবাৰে উত্তৰণৰ সম্বৰ্দ্ধনা অনুষ্ঠান! কিমান বয়সৰ লোকৰ ডেংগুত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি? বিয়াৰ বাবে স্বামী-স্ত্ৰীৰ মাজৰ বয়সৰ পাৰ্থক্য কিমান হ’ব লাগে?

শিৱসাগৰৰ নিবিড় শইকীয়াৰ বিশেষ সফলতা

  • Update Time : Tuesday, May 14, 2024

নামতি মিছাজান নামদঙ্গীয়া গাওঁৰ এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰৰ সফলতা। ৰিলায়েন্স ফাউণ্ডেশ্যন ইয়ং চেম্পছৰ ১৩ বছৰ অনুৰ্ধ্বৰ ফুটবল প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত হৈছে নিবিড় শইকীয়া নামৰ কিশোৰগৰাকী। জানিব পৰা মতে অসমৰ আঠজনীয়া এটা দল গৈছিল প্ৰশিক্ষণৰ বাবে মুম্বাইলৈ আৰু মুম্বাইত অসমৰ পৰা যোৱা আঠজনীয়া দলটোৰ পৰা নিৰ্বাচিত হয় কেৱল নিবিড় শ‌ইকীয়া। নামতি মিছাজান নামদঙ্গীয়া গাঁৱৰ অচ্যুত শ‌ইকীয়া আৰু লক্ষীমণি শ‌ইকীয়াৰ কনিষ্ঠ পুত্ৰ নিবিড় শ‌ইকীয়া। ৰিলায়েন্স ফাউণ্ডেশ্যন ইয়ং চেম্পছে ৬ বছৰৰ বাবে চুক্তিবদ্ধ কৰিছে আৰু ফুটবল প্ৰশিক্ষণৰ লগতে পঢ়া-শুনাৰ, সম্পূৰ্ণ দায়িত্ব ৰিলায়েন্স ফাউণ্ডেশ্যন ইয়ং চেম্পছে ল’ব। ৬ বছৰীয়া প্ৰশিক্ষণৰ বাবে আহা ১৩ জুনত নিবিড় ৰাওনা হ’ব মুম্বাইলৈ। নিবিড় শ‌ইকীয়াৰ এই সফলতাত উৎফুল্লিত হৈ পৰিছে নামতি অঞ্চলবাসীৰ লগতে সমগ্ৰ শিৱসাগৰবাসী। নিবিড় শ‌ইকীয়াৰ এই সফলতাৰ উৎসাহ জনাবৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ লগতে, সদৌ অসম মহিলা সন্থাৰ বিষয়ববীয়া উপস্থিত হয় কিশোৰজনৰ বাসগৃহ। নামদঙ্গীয়াৰ ছাত্ৰগৰাকীৰ বাসগৃহত উপস্থিত হৈ আটাইকেইগৰাকী বিষয়ববীয়াই কিশোৰগৰাকীক আশীৰ্বাদ দিয়াৰ লগতে উৎসাহ প্ৰদান কৰে ।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme