আমি জীৱনত লগ পোৱা প্ৰতিজন ব্যক্তিৰ সৈতে সদায় সু-সম্পৰ্ক বজাই ৰাখিব লাগে৷ কাকো কেতিয়াও মনত কষ্ট পোৱাকৈ কথা ক’ব নালাগে৷ মনত ৰাখিব কাৰোবাক কষ্ট দি কথা কলে এদিন আপুনিও সমানেই কষ্ট পাব৷ বাৰু আহক কিদৰে সকলোৰে সৈতে সম্পৰ্ক ভাল কৰি ৰাখিব পাৰোঁ জানি লওঁ-
আমি সকলোৱে ভুল কৰোঁ৷ কেতিয়াবা আমি আনৰ অন্তৰত আঘাত দিওঁ আৰু কেতিয়াবা আনে আমাক আঘাত দিয়ে৷ সেইবাবে আমি এজনে আনজনক ক্ষমা কৰি দিব লাগে৷ ক্ষমা কৰিব পাৰিলে সম্পৰ্কবোৰ ভালে থাকে৷
আমি সকলোৱে এনে লোকৰ সৈতে বন্ধুত্ব কৰিব বিচাৰোঁ যিসকল নম্ৰ, ভদ্ৰ, আনক সন্মান কৰে৷ এনে লোকসকলে জানি বুজি আনক মনত আঘাত নিদিয়ে৷
আমি যি দেশৰ, ভাষাৰ হওঁ বা ধনী, দুখীয়া হওঁ ভগৱানৰ দৃষ্টিত আমি সকলো সমান গতিকে কাৰো সৈতে ভাগ-বতৰা কৰিব নালাগে৷
যদি আমি শান্ত, মৃদু স্বভাৱৰ হওঁ তেন্তে আমাক সৈতে সকলোৱে সহজভাৱে কথা পাতিব৷ আমাক কিবা ভুল হলে আমাক কবলৈ সংকোচ নকৰে, অন্যথা আমি বেয়া পাম বা খং কৰিম বুলি ভাবি আমাৰ ভুলবোৰ শুধৰাই দিবলৈ সাহস নকৰিব৷
বৰ্তমান সময়ত বহু লুভীয়া আৰু কেৱল নিজৰ কথা চিন্তা কৰা লোক আছে৷ মনত ৰাখিব সেইসকল লোক কিন্তু কেতিয়াও মনৰ পৰা সুখী হ’ব নোৱাৰে৷ কিন্তু যিসকল লোকে আনৰ কথা চিন্তা কৰে তেওঁলোকে সৰু সৰু কথাৰ পৰাও সুখী হব পাৰে৷