1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 3, 2024, 1:16 pm
Trending:
ৰিচাৰ প্ৰশ্নৰ অনুৰাগীয়ে দিলে এনে উত্তৰ, ৰিচা হৈ পৰিল একেবাৰে নিৰুত্তৰ আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে? ঔষধী গুণ সম্পন্ন মধুৰীৰ লগতে মধুৰীৰ পাতেও ভাল কৰিব পাৰে ভিন্ন ৰোগ! মছন্দৰীৰ গুণাগুণ সম্পৰ্কে জানেনে আপুনি? যদি নাজানে এই প্ৰতিবেদন আপোনাৰ বাবে! ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল!

শচীন তেণ্ডুলকাৰৰ পিছত এইবাৰ Deepfakeৰ জালত বিৰাট কোহলী

  • Update Time : Wednesday, February 21, 2024

পুনৰ Deepfakeৰ স্বীকাৰ হ’ল ক্ৰিকেট তাৰকা। শচীন তেণ্ডুলকাৰৰ পাছত এইবাৰ Deepfakeৰ বলি হ’ল ক্ৰিকেটাৰ বিৰাট কোহলী। ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈছে বিৰাটৰ এটি বিশেষ ভিডিঅ’, যিটো AI ৰ মাধ্যমেৰে প্ৰস্তুতি কৰা হৈছিল বুলি জানিবলৈ পোৱা গৈছে। সামাজিক মাধ্যমত বিৰাটৰ এটি ভুৱা ভিডিঅ’ প্ৰকাশ হৈছিল য’ত বিৰাটে এটা বেটিং এপৰ প্ৰমোচন কৰা দেখিবলৈ পোৱা গৈছে। চাইবাৰ অপৰাধী শাখাই সদৰী কৰিছে এই ভিডিঅ’টো Deepfakeৰ জৰিয়তে প্ৰস্তুত কৰা হৈছিল। অকল বিৰাট কোহলীৰে নহয় এই ভুৱা ভিডিঅ’টোত সাঙোৰ খাইছে এগৰাকী সংবাদাতাৰ নামো। ৰাষ্ট্ৰীয় পৰ্যায়ৰ আগশাৰীৰ চেনেলৰ এগৰাকী বাতৰি পৰিৱেশককো দেখিবলৈ পোৱা গৈছে এই Deepfake ভিডিঅ’টো। এই Deepfakeৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme