অসমীয়া সমাজত প্ৰচলিত এটা জনবিশ্বাস অনুসৰি শগুণে কেতিয়াও ঘৰৰ চৌহদত বাঁহ নাসাজে বা সাজিলেও তাক অমংগল বুলি গণ্য কৰা হয়। কিন্তু ১৯৮৯ চনত হৈছিল এনে এক অলৌকিক ঘটনা যিটো চকু কপালত তুলিলে একাংশৰ। লখিমপুৰৰ ঢকুৱাখানাৰ ফুলেশ্বৰী দত্ত নামৰ মহিলাগৰাকীৰ ঘৰৰ বাৰীত শগুণে প্ৰথটো বাহ সাজিছিল। সেয়ে বহুলোকে গছজোপা কাটি দিয়ে, নহ’লে চৌহদটো এৰি দিয়ে। তেওঁকো গাওঁৰ মানুহে বাহ সজা গছডাল কাটি পেলাবলৈ ক’লে। কিন্তু কাৰো কথা নুশুনি মানুহৰ উপদেশ আওকান কৰি কৰ্কথনাক সহ্য কৰি বচাই ৰাখিলে গছজোপাক। সামাজিক আচৰণৰ বিৰুদ্ধে যোৱা বাবে তেওঁক ঘিন কৰা হ’ল, সামাজিকভাৱে এঘৰীয়া কৰা হ’ল। কিন্তু শগুণকেইটা ৰক্ষা কৰাৰ স্বাৰ্থত এনেবোৰ কথাই তেওঁক টলাব নোৱাৰিলে। অকল এঘৰীয়া হোৱাই নহয় আৰ্থিকভাৱেও জুৰুলা কৰি পেলাইছিল ফুলেশ্বৰী দত্তক। তেখেতৰ মানুহজন গছৰ পৰা পৰি দীৰ্ঘদিন শয্যাশায়ী হৈ থকা সময়চোৱাতে তেওঁ কৰি থকা সৰু চাকৰিটোৰ নিয়মীয়াকৈ পাই থকা দৰ্মহা কিবা কাৰণত বন্ধ হ’ল। ১৬ বছৰ বিনা বেতনে চাকৰি কৰিলে তেওঁ। সেই সময়চোৱাত বাৰীৰ পাচলি বিক্ৰি কৰি দুটা সন্তানৰ পঢ়াৰ খৰচৰ লগতে দৈনন্দিন খৰচবোৰ সামৰিছিল। সেইখিনি সময়ত বহুলোক আহিছিল তেওঁলোকৰ বাৰীৰ গছ কিনি কাঠ উলিয়াবলৈ। কিন্তু সযতনে ৰাখিলে শগুণকেইটাই বাহ সজা গছডাল। লাহেলাহে তেওঁৰ বাৰীত শগুণৰ জনসংখ্যা বাঢ়ি আহিল। আৰু আজিৰ তাৰিখত তেখেতৰৰ বাৰীত পাঁচটা শগুণৰ বাহত ১০টা বগা পিঠিয়া শগুণ ( white rumped vulture) আছে। প্ৰতিবছৰে পৰিভ্ৰমী himalayan Griffon আহি তেখেতৰ বাৰীতে আশ্ৰয় লয়। যোৱা বছৰ ৭০টা Griffon গণনা কৰা হৈছিল। এইবছৰ ৫০টা। লখিমপুৰ জিলাৰ একমাত্ৰ ঢকুৱাখনাত ফুলেশ্বৰী দত্তৰ বাৰীত হে এই শগুণ চুবুৰিটো আছে। বিখ্যাত সংৰক্ষকসকলৰ কথা সকলোৱে জানে, তেওঁলোকে সেই হিচাপে বঁটা-বাহন, স্বীকৃতিও পাই থাকে। কিন্তু ফুলেশ্বৰী দত্তৰ দৰে মহিলা বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰখনত unsung heroes, যি নিৰবে নিৰলে সংৰক্ষণৰ কাম কৰি আছে। আমোদজনকভাৱে তেওঁ এইটোও নাজানে তেওঁ যে বিপন্ন হবলৈ ধৰা জীৱ এটা বচাই ৰাখিছে। তেওঁ মাথো জানে এই পৃথিৱীখন সকলোৰে। মানুহৰ সমানে প্ৰতিটো জীৱৰ এই পৃথিৱীত জীয়াই থকাৰ অধিকাৰ আছে। ফুলেশ্বৰী দত্তৰ এই যাত্ৰাত ঢকুৱাখনাৰ বিমান, ধ্ৰুৱ, মানসে যথেষ্টখিনি সহযোগ কৰি আহিছে। কোনো এটা শগুণ আঘাতপ্ৰাপ্ত হ’লে উদ্ধাৰ কৰাৰ পৰা লৈ চিকিৎসা কৰি মেলি দিয়ালৈকে তেওঁলোকে দায়িত্ব লয়।
আজি বিশ্ব বন্যপ্ৰাণী দিৱস