‘‘মায়াৰ সংসাৰলৈ
কি লৈ আহিলা
কি লৈ যাবাগৈ ঘুৰি।
যত পাপ পুণ্য
অৰ্জন কৰিলা
লৈ যাবা সাৰথি কৰি।’’
সংগীত নাটক একাডেমী বঁটা প্ৰাপক তথা লোকসংস্কৃতিৰ একান্ত সাধক প্ৰয়াত গুৰু উমাকান্ত বৈৰাগীৰ পৱিত্ৰ স্মৃতিত আজি মুক্তি পালে ‘লুইতৰ বালি…’ শীৰ্ষক এটি মনপৰশা টোকাৰী গীত। ভূপেন হাজৰিকা সংহতি বঁটা প্ৰাপক প্ৰয়াত গুৰু উমাকান্ত বৈৰাগীৰ কথা আৰু তৰালী শৰ্মাৰ সংগীতেৰে সমৃদ্ধ গীতটিত কণ্ঠদান কৰিছে প্ৰয়াত বৈৰাগী দেৱৰ অন্যতম শিষ্য লোক-কৃষ্টিৰ যুৱ শিল্পী হীৰকজ্যোতি শৰ্মাই। পৰম্পৰাগত সুৰ বিন্যাসৰ আধাৰত সদ্যমুক্তি প্ৰাপ্ত টোকাৰী গীতটিত বাদ্যযন্ত্ৰত সংগত কৰিছে ক্ৰমে পৰমেশ্বৰ বসুমতাৰী, দেৱেশ্বৰ শইকীয়া, নিৰ্মল দাস আৰু অৰুপ কলিতাই। অসমীয়া সংগীতজগতৰ প্ৰবীণ সংগীতজ্ঞ ভদ্ৰকান্ত দাসে মেল’ডি ডিজাইন কৰা ‘লুইতৰ বালি…’ শীৰ্ষক টোকাৰী গীতটিৰ বাণীবন্ধন কৰিছে ৰিপুঞ্জয় শৰ্মাই আৰু শব্দ মিশ্ৰণ কৰিছে জিণ্টু বৰদলৈয়ে৷ গীতটিৰ অডিঅ’ মুক্তিৰ সমান্তৰালভাৱে মহানগৰীৰ ষ্টুডিঅ’ ড্ৰীমছত মুক্তি দিয়া হয় গীতটিৰ ভিডিঅ’ সংস্কৰণো৷ সম্পূৰ্ণ আধ্যাত্মিক ভাৱসম্পন্ন ভাৱে গীতটিৰ ভিডিঅ’ পৰিচালনা কৰিছে এনিশা হাজৰিকাই আৰু কৰিঅ’গ্ৰাফী জাহ্নৱজ্যোতি কাশ্যপে৷ ৰাজীৱ হাজৰিকাই সম্পাদনা কৰা টোকাৰী গীতটিৰ ভিডিঅ’ সংস্কৰণত আধ্যাত্মিকতা আৰু মানৱ জীৱনৰ পৰম সত্য স্বতস্ফুট ভাৱে প্ৰকাশ পাইছে৷ গীতটিৰ আন এক বৈশিষ্ট্য এয়াই যে উক্ত গীতটিৰ ভিডিঅ’ সংস্কৰণত ভূমুকি মাৰিছে শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ পূজ্যপাদ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱগোস্বামী প্ৰভূই৷ গীতটিৰ শুভমুক্তি অনুষ্ঠানত উপস্থিত থাকে মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা, যশস্বী সংগীতজ্ঞ ভদ্ৰকান্ত দাস প্ৰমূখ্যে বহুকেইগৰাকী গুণী-জ্ঞানী ব্যক্তি আৰু সাংস্কৃতিক কৰ্মী৷ উল্লেখ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সাংস্কৃতিক সম্পাদক তথা লোকসংস্কৃতিৰ একান্ত সাধক হীৰকজ্যোতি শৰ্মাৰ এই প্ৰচেষ্টাক একমূখে শলাগ লৈছে ৰাজ্যৰ সাংস্কৃতিক সমাজে৷ অসমৰ লোক-সংস্কৃতিৰ অৱক্ষয়ৰ মাজতে টোকাৰী গীতক বিশ্বসম্প্ৰদায়ৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ উদ্দেশ্য যুৱ লোকশিল্পী হীৰকজ্যোতি শৰ্মাই বিগত কেইবাবছৰ ধৰি অসমৰ বিভিন্ন লোককৃষ্টিৰ বিষয়ে গৱেষণা আৰু অধ্যয়ন কৰি আহিছে৷ যুৱ শিল্পীগৰাকীৰ এই প্ৰচেষ্টাক শ্ৰোতা-দৰ্শকে আকোঁৱালি ল’ব বুলি আশাবাদী গীতটিৰ সৈতে জড়িত প্ৰতিগৰাকী শিল্পী তথা কলা-কুশলীৰ৷