১১৯৫ খ্ৰীষ্টাব্দৰ পৰা ১২২৮ খ্ৰীষ্টাব্দলৈ কামৰূপ ৰাজ্যৰ ৰজা আছিল মহাৰাজ পৃথু। মহাৰাজ পৃথুক জলপেশ্বৰ বুলিও জনা যায়। ১২০৬ খ্ৰীষ্টাব্দত মহম্মদ বিন বখতিয়াৰ খিলজী আৰু ১২২৬ খ্ৰীষ্টাব্দত দিল্লীৰ মামলুক ৰাজবংশৰ নৱম চুলতান ঘিয়াছুদ্দিন বলবনৰ সম্প্ৰসাৰণবাদৰ বিৰুদ্ধে তেওঁৰ সামৰিক সফলতাৰ বাবে তেওঁ প্ৰসিদ্ধ মহাৰাজ পৃথু। ১২০৬ চনত মহম্মদ বিন বখতিয়াৰ খিলজীয়ে তিব্বত আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল। বৌদ্ধ মঠসমূহৰ ভাণ্ডাৰ লুণ্ঠন কৰা আৰু দক্ষিণ পূব এছিয়াৰ সৈতে বংগৰ পৰম্পৰাগত বাণিজ্য পথৰ নিয়ন্ত্ৰণ লাভ কৰিবলৈ খিলজীয়ে তিব্বত আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল। কিন্তু খিলজীৰ এই পৰিকল্পনাত চেঁচা পানী ঢালি খিলজীক উভতি যাবলৈ বাধ্য কৰোৱাইছিল মহাৰাজ পৃথুৱে৷ ভাৰতবৰ্ষৰ ইতিহাসত অসম ভূমিৰ নাম আজিৰ দিনটো স্বৰ্ণিল আখৰেৰে জিলিকাই ৰাখিছে কামৰূপ নৃপতি পৃথুৱে৷ উত্তৰ গুৱাহাটীৰ কানাই বৰশীবোৱা শিলালিপিত ভাস্বৰ হৈ আছে সেই অমৰ ইতিহাস৷ অসম তথা ভাৰতৰ সভ্যতাৰ ইতিহাসক সমৃদ্ধ কৰি নালন্দা বিশ্ববিদ্যালয় ধ্বংসকাৰী বখতিয়াৰ খিলজীৰ কামৰূপ ৰাজ পৃথুৰ হাতত পতন হৈছিল৷ যাৰ ফলত বিভিন্ন প্ৰদেশ নিৰন্তৰভাৱে জয়ী হৈ অহা মুছলমানৰ আক্ৰমণ কামৰূপত অন্ত পৰিছিল৷ প্ৰাচীন কামৰূপত ১২০৬ খ্ৰীষ্টাব্দত কামৰূপ ৰাজ পৃথুৰ হাতত প্ৰবল প্ৰতাপী বখতিয়াৰ খিলজীৰ পতনে অসম তথা ভাৰতৰ বুৰঞ্জীক চহকী কৰিছিল৷ নৱপ্ৰজন্মৰ মাজত মহাৰাজ পৃথুৰ চৰ্চা আৰু অসম বুৰঞ্জীক প্ৰসাৰিত কৰা উদ্যেশ্যেৰে প্ৰজ্ঞাৰ উদ্যোগত অহা ১২ আৰু ১৩ মাৰ্চত মহাবাহু ব্ৰহ্মপুত্ৰৰ লাচিত ঘাটৰ মুক্তাঙ্গণত মঞ্চস্থ কৰা হব৷ নাট্যকাৰ হিল্লোল কুমাৰ পাঠক ৰচিত আৰু অসীম কৃষ্ণ বৰুৱাৰ দ্বাৰা পৰিচালিত নাট “মহানায়ক মহাৰাজ পৃথু”৷ নাটখনৰ নাম ভূমিকাত অভিনয় কৰিছে অসমৰ মঞ্চ আৰু চলচিত্ৰ জগতৰ সুদক্ষ অভিনেতা দিব্যজ্যোতি দাস, ভৱেশ দাস, বিজিত দেৱ চৌধুৰী, পল ফুকন, মনোজ দাস, জয়ন্তজিৎ, প্ৰাণজিৎ, জ্যোতিস্মান, মালা গোস্বামী, অঞ্জু হাজৰিকা, নিজৰা নমামী, বনলতা বৈশ্য ,দিপান্বিতা আদিৰ লগতে আন কেইবাগৰাকীও পৰিচিত শিল্পীয়ে। মহাৰাজ পৃথুৰ জীৱনভিত্তিক ঐতিহাসিক নাটখন দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হ’ব বুলি আশাবাদী সমূহ শিল্পী, কলা-কুশলী৷