1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 3, 2024, 1:20 pm
Trending:
ৰিচাৰ প্ৰশ্নৰ অনুৰাগীয়ে দিলে এনে উত্তৰ, ৰিচা হৈ পৰিল একেবাৰে নিৰুত্তৰ আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে? ঔষধী গুণ সম্পন্ন মধুৰীৰ লগতে মধুৰীৰ পাতেও ভাল কৰিব পাৰে ভিন্ন ৰোগ! মছন্দৰীৰ গুণাগুণ সম্পৰ্কে জানেনে আপুনি? যদি নাজানে এই প্ৰতিবেদন আপোনাৰ বাবে! ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল!

লিচু খেতিৰ জৰিয়তে স্বাৱলম্বিতাৰ পথ প্ৰসস্ত ৫২ গৰাকী কৃষকৰ

  • Update Time : Thursday, May 30, 2024

এতিয়া লিছুৰ বতৰ ।এই লিছুৰ বতৰৰ সময়ত প্ৰত্যেক বাৰেই চৰ্চালৈ আহে তেজপুৰৰ সুমিষ্ট লিছুৰ প্ৰসংগ। বিশ্ব প্ৰসিদ্ধ তেজপুৰৰ লিছুক লৈ ৰাইজৰ উৎকন্ঠাৰ অন্ত নাই ।লিছুক কেন্দ্ৰ কৰি তেজপুৰৰ ইতিহাসো বহু ক্ষেত্ৰত সমৃদ্ধ হৈ আছে আজিও ।কাৰণ সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাই তেজপুৰ চহৰৰ ৰজাদিনীয়া এটি পুখুৰীৰ পাৰত ৰোপণ কৰা লিছু গছৰ বাবেই আজিও বিখ্যাত তেজপুৰৰ লিছু পুখুৰী ।অকল লিছু পুখুৰীয়েই নহয় পৰোৱাৰ লিছু বাগানক লৈও ৰাইজৰ উৎসুকতাৰ শেষ নাই ।পৰোৱাৰ লিছু বাগানত এইবাৰো এনেদৰে লমা লমে লাগিছে লিছু –

তেজপুৰৰ সংবাদদাতা পল্লৱী বৰাই যুগুতোৱা তথ্য অনুসৰি তেজপুৰৰ এই বিখ্যাত লিচুৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিছে কৃষি বিভাগ৷ ইয়াৰ বাবে প্ৰয়োজনীয় ক্ষেত্ৰ সম্প্ৰসাৰণৰ বাবে কৃষি বিভাগে ইতিমধ্যে যোগান ধৰিছে অতিৰিক্ত দুশ বিঘা ভূমি ।যোৱা বছৰ তেজপুৰত উপস্থিত হৈ কৃষিমন্ত্ৰী অতুল বৰাই সেয়েহে নিজেই গ্ৰহণ কৰে বিশেষ পদক্ষেপ ।সাহিত্য কাণ্ডাৰী পদ্মনাথ গোঁহাঞি বৰুৱাৰ সমান্তৰালকৈ সিং উপাধিধাৰী এজন ব্যক্তিয়ে তাহানিতে ৰোপন কৰা উন্নত জাতৰ লিচু আৰু লিচু খেতিৰ বাবে উপযুক্ত তেজপুৰৰ ভূমিৰ বাবে GI Tag লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে তেজপুৰৰ লিচু ৰপ্তানী খোদ মুখ্যমন্ত্ৰীয়ে ফ্লেগ অফ কৰি ইয়াৰ গুৰুত্ব সমগ্ৰ বিশ্বলৈ সম্প্ৰসাৰিত কৰিছিল বিগত সময়ত ।উল্লেখ্য যে ,তেজপুৰৰ লিচু খেতিৰে ৫২ গৰাকী কৃষক জড়িত ।
তেজপুৰ লিচুৰ সৈতে জড়িত অগ্নিগড় কৃষক উৎপাদক কোম্পানীৰ লগতে কেবাটাও কৃষি উৎপাদক গোট ।
তেজপুৰ লিচুৰ ২০০ বিঘা ভূমি সম্প্ৰসাৰণৰ জৰিয়তে তেজপুৰ লিচুৱে বিশ্বৰ বজাৰ দখল কৰিবলৈ ইতিমধ্যে সক্ষম হৈছে ।আনহাতে তেজপুৰৰ লিচুৱে ২০১৩বৰ্ষত জি আই টেগ পাবলৈ সক্ষম হয় । তেজপুৰৰ লিচুৰ প্ৰজাতি বোম্বায়া লিচু,বিলাতী লিচু আৰু চাহি লিচুৱে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৰ লাভ কৰিবলৈ ইতিমধ্যে সক্ষম হৈছে । ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেজপুৰৰ লিচুৰ সোৱাদৰ প্ৰশংসা কৰাৰ পাছত শোণিতপুৰ জিলা কৃষি বিভাগে উক্ত লিচু খেতি সম্প্ৰসাৰণৰ বিশেষ পদক্ষেপ গ্ৰহন কৰিছে।
লিছু বাগিছা সম্প্ৰসাৰণ আঁচনিৰ বাবে মুঠ ১৯ লাখ টকাৰ আবন্তন কৰিছে অসম চৰকাৰে ।সেয়েহে পুনৰ আকৌ চৰ্চালৈ আহিছে তেজপুৰৰ এই বিখ্যাত লিছু ।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme