1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 8, 2024, 11:51 pm
Trending:
ৰাজ্যৰ কাৰ্যবাহী অভিযন্তাসকলৰ পৰা বান-খহনীয়া সন্দৰ্ভত বুজ ল’লে মন্ত্ৰী পীযূষ হাজৰিকাৰ আপুনি জানেনে নৰসিংহ পাত আপোনাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী! কনজাংটিভাইটিছৰ পৰা হাত সাৰিবলৈ অৱলম্বন কৰক এইসমূহ উপায় আৰু দূৰত থাকক চকুৰ সমস্যাৰ পৰা আপোনাৰ নখকেইটা ধুনীয়া কৰি ৰাখিবলৈ মানি চলক কিছু ঘৰুৱা নিয়ম! পনীৰ প্ৰিয় যদি জানি লওঁক কিদৰে চিনাক্ত কৰিব প্ৰকৃত আৰু নকল পনীৰ! ভাৰতৰ সৰ্বোচ্চ ৰে’ল ষ্টেচনটো, য’ত শিৰৰ ওপৰত থাকে ডাৱৰ জন উইক’ নিৰ্মাতাই ক্ৰয় কৰিলে কৰণ জোহৰৰ ‘কিল’ ছবিৰ হলিউডৰ ৰিমেক ৰাইট। সনাতন ধৰ্মত জগন্নাথ ৰথ যাত্ৰাৰ আছে এক বিশেষ তাৎপৰ্য! আপুনি জানেনে আপোনালৈ হোৱাটছ এপত পঠোৱা ভিন্নৰঙী ‘LOVE EMOJI’য়ে কি কি বুজায়? অনন্ত আম্বানীৰ বিবাহ অনুষ্ঠানত উপস্থিত ৰোহিত-হাৰ্দিক-সূৰ্যক কাষত লৈ আবেগিক নীতা আম্বানী!

লিচু খালে হ’ব পাৰে মগজুৰ এই সমস্যা

  • Update Time : Thursday, May 30, 2024

গ্ৰীষ্মকালত পোৱা ৰঙা ৰঙৰ ৰসাল ফল লিচু সুস্বাদু হোৱাৰ লগতে স্বাস্থ্যকৰ ফল। যদিও ইয়াৰ প্ৰকৃতি গৰম, কিন্তু ভিটামিন চি, ফাইবাৰ, এন্টিঅক্সিডেন্ট আদি ভিটামিন আৰু পুষ্টিকৰ উপাদানৰ উপস্থিতিৰ বাবে গ্ৰীষ্মকালত সৃষ্টি হোৱা সমস্যাৰ পৰা হাত সাৰিবলৈ ইয়াক এক উৎকৃষ্ট ফল বুলি গণ্য কৰা হয়।

কিন্তু লিচুৰ লগত জড়িত এক মাৰাত্মক অসুবিধাও আছে। নেচনেল ইনষ্টিটিউট অৱ হেল্থৰ প্ৰতিবেদন অনুসৰি লিচুত মিথাইলিন চাইক্লোপ্ৰপাইল-গ্লাইচিন নামৰ বিষাক্ত পদাৰ্থ পোৱা যায়। ১৯৯৫ চনৰ পৰা বিহাৰত লিচু খোৱাৰ ফলত শিশুৰ মৃত্যুৰ ঘটনা অবিৰতভাৱে প্ৰকাশ পাইছে। উত্তৰ ভাৰতৰ কিছু অঞ্চলত ইয়াক চামকী জ্বৰ বুলিও কোৱা হয়। কিছু সাৱধানতা অৱলম্বন কৰিলে লিচুৰ ক্ষতিৰ পৰা হাত সাৰিব পাৰি।

লিচুত পোৱা বিষাক্ত Methylene Cyclopropyl-Glycine (MCPG) ৰ ফলত এনকেফেলাইটিছ নামৰ এক মাৰাত্মক ৰোগ হয়। জনছ হপকিন্স মেডিচিনৰ মতে এনকেফেলাইটিছ হৈছে সংক্ৰমণ বা অটোইম্যুন ৰিয়েকচনৰ ফলত হোৱা মগজুৰ কলাৰ প্ৰদাহ। ইয়াত মগজু ফুলি উঠে যাৰ ফলত মূৰৰ বিষ, ডিঙি জঠৰ হয়।

খালী পেটত লিচি খোৱাটো বিপদজনক: লিচু কেতিয়াও খালী পেটত বা বেছি পৰিমাণে খাব নালাগে। এনে কৰিলে ইয়াত ফলত থকা বিষাক্ত পদাৰ্থৰ বাবে শৰীৰৰ চেনিৰ মাত্ৰা দ্ৰুতগতিত হ্ৰাস পাবলৈ ধৰে ৷ ইয়াৰ উপৰিও বমি, মৃগীৰোগৰ লগতে ৰোগী ক’মা আৰু মৃত্যুৰ আশংকাও থাকে।

দিনটোত কিমান লিচু খাব লাগে?

দিনটোত ৬-৭ টা লিচু খালে স্বাস্থ্যৰ বাবে উপকাৰী। কিন্তু যদি আপুনি যিকোনো ৰোগৰ ঔষধ খাই আছে, তেন্তে লিচু খোৱাৰ আগতে ইয়াৰ পৰিমাণৰ বিষয়ে নিশ্চয় চিকিৎসকৰ পৰামৰ্শ লওক।

লিচুৰ ক্ষতিৰ পৰা কেনেকৈ হাত সাৰিব পাৰি:
লিচুৰ ক্ষতিৰ পৰা হাত সাৰিবলৈ সৰ্বোত্তম উপায় হ’ল ইয়াক নিয়ন্ত্ৰিত পৰিমাণত খোৱা। মনত ৰাখিব যে আপুনি খাই থকা লিচু সম্পূৰ্ণ পকা হ’ব লাগে। ইয়াৰ বাহিৰেও এই ফল উপবাসৰ সময়ত বা খালী পেটত নাখাব।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme