1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2024, 5:16 pm
Trending:
ৰাজ্যসভাত প্ৰথমটো ভাষণতেই দেশবাসীৰ অন্তৰ জিনিলে সাংসদ সুধা মূৰ্তিয়ে আপোনাৰ চকুৰ বিষ বা জ্বলা-পোৰা সমস্যা হৈছে নেকি? আমলখি ব্যৱহাৰ কৰি লাভ কৰক সুফল! উক্ত তাৰিখটোৰ পৰা কেতুৱে ভাগ্য উদয় কৰিব এই তিনি ৰাশিৰ জাতক-জাতিকাক পদিনা খাইনে আপুনি? পদিনাই নাইকিয়া কৰিব আপোনাৰ শৰীৰৰ ভিন্ন সমস্যা! ৰিচাৰ প্ৰশ্নৰ অনুৰাগীয়ে দিলে এনে উত্তৰ, ৰিচা হৈ পৰিল একেবাৰে নিৰুত্তৰ আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে?

লাজ লগা… উন্নয়ন দেখুওৱাবলৈকে ছবি চুৰ কৰিছে বিপ্লৱ দেৱে!

  • Update Time : Saturday, December 11, 2021

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশ, উত্তখাণ্ডতেই কেৱল মমতাই নিৰ্মাম কৰা দলং, পথৰ ছবি চুৰ হৈছে এনে নহয়। এখনৰ পিছত সিখন বিজেপি শাসিত চৰকাৰে চুৰ কৰিছে মমতাৰ নিৰ্মাণ কাৰ্যক। শেহতীয়াভাৱে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে বেংগলৰ শিয়ালদহ উড়ালপুৰৰ এটা ৰাস্তাৰ ছবিকে নিজৰ বুলি প্ৰচাৰ কৰিছে। ‘মাই গভ ত্ৰিপুৰা’ ভেৰিফাইড টুইটাৰ হেণ্ডেলৰ পৰা শ্বেয়াৰ কৰা ছবিখনক লৈ সৃষ্টি হৈছে বিতৰ্কৰ। বিপ্লৱ দেৱে ত্ৰিপুৰাৰ বুলি দাবী কৰা ছবিখন প্ৰকৃততে বেংগলৰহে সেই কথা পৰিস্ফুত হৈ পৰিছে।

ইয়াৰ পূৰ্বেও উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে বেংগলত মমতাই নিৰ্মাণ কৰা ‘মা ফ্লাইঅভাৰ’ৰ ছবিকে উত্তৰ প্ৰদেশত নিৰ্মিত ফ্লাইঅভাৰ বুলি ফটো শ্বেয়াৰ কৰিছিল। আনহাতে একেই পন্থা লৈছিল উত্তৰাখণ্ডৰ ৰাজ্য চৰকাৰেও মমতাই নিৰ্মাণ কৰা বেংগলৰ এটা বিমানবন্দৰৰ ছবিকে নিজা বুলি প্ৰচাৰ কৰিছিল। ইয়াৰ পিছতেই ত্ৰিপুৰাৰ ৰাজ্য চৰকাৰেও মমতাৰ নিৰ্মাণকাৰ্যকে নিজা বুলি প্ৰচাৰ কৰাক লৈ ক্ষোভিত হৈ পৰিছে তৃণমূলৰ কৰ্মকৰ্তাসকল। তৃণমূল নেতা সৌৰৱ ৰায়ে এই সন্দৰ্ভে মন্তব্য কৰি কয়, বিজেপি শাসিত তিনিখন ৰাজ্য চৰকাৰে নিজৰ ৰাজ্যৰ সাধাৰণ ভোটাৰসকলৰ চকুতে ধূলি দিছে। উন্নয়ন কৰিবলৈ মন থাকিলে দিদিক অনুসৰণ কৰক চুৰি নহয় বুলিও মন্তব্য কৰে তৃণমূল নেতা সৌৰৱ ৰায়ে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme