লখিমপুৰ আৰু শিৱসাগৰ জিলাত দিনে দিনে যক্ষ্মাৰোগী সংখ্যা বৃদ্ধি পাই অহা লগে লগে যক্ষ্মাৰোগত মৃত্যু হোৱা সংখ্যাও বৃদ্ধি পাবলৈ ধৰিছে।
ইয়াকে লৈ লখিমপুৰ আৰু শিৱসাগৰ ৰাইজ যথেষ্ট আতংকিত হৈ পৰিছে, সৃষ্টি হৈছে আতংকময় পৰিৱেশ।
ঢকুৱাখনাৰ পৰা সংবাদদাতা জিতুল খনিকৰে
জনোৱা তথ্য অনুসৰি ইতিমধ্যে লখিমপুৰ আৰু শিৱসাগৰ জিলাৰ চিকিৎসা বিভাগে যক্ষ্মাৰোগ নিয়ন্ত্ৰণৰ বাবে উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিছে।
ইতিমধ্যে
জিলা দুখনত বিচিজি ভেকচিন দিয়া এক অভিযান আৰম্ভ কৰিছে চিকিৎসা বিভাগে।