ডিজিটেল ডেস্কঃ ঘৰৰ বাহিৰত নহয়, ঘৰৰ ভিতৰতো সুৰক্ষিত নহয় মহিলা-যুৱতী৷ এইবাৰ ঘৰৰ ভিতৰতে যৌন নিৰ্যাতনৰ বলি হৈছে এগৰাকী ১১ বছৰীয়া নাবালিকা। ৫ বছৰ ধৰি যৌন নিৰ্যাতন চলাই অহা হৈছিল নাবালিকাগৰাকীক৷ এই জঘন্য ঘটনাটো সংঘটিত হৈছে পুনেৰ বুনগাৰ্ডেন আৰক্ষী চকীৰ অন্তৰ্গত এটা অঞ্চলত৷ কেৱল ককাক আৰু খুড়াকে নহয়, নিজ পিতৃ আৰু ভায়েকেও যৌন নিৰ্যাতন চলাই আহিছিল কণমানীগৰাকীক৷ আৰক্ষী পৰিদৰ্শক অশ্বিনী সতপুতে প্ৰকাশ কৰা তথ্য অনুসৰি, নাবালিকা গৰাকীয়ে পঢ়ি থকা বিদ্যালয়ত ‘গুড টাচ এণ্ড বেড টাচ’ৰ ওপৰত এখন অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল৷ এই অনুষ্ঠানতে নাবালিকা গৰাকীৰ ওপৰত ঘটা সমগ্ৰ ঘটনা এফালৰ পৰা বৰ্ণনা কৰে৷ অভিযোগ মৰ্মে নাবালিকা গৰাকীৰ ভায়েক আৰু দেউতাকৰ বিৰুদ্ধে আইপিচি ধাৰা 376ৰ অধীনত ধৰ্ষণৰ গোচৰ ৰুজু কৰা হৈছে৷ ইয়াৰ লগতে ককাক আৰু খুড়াকৰ বিৰুদ্ধে 354ৰ ধাৰাৰ অধিনত ৰুজু হৈছে আন এক গোচৰ৷ কিন্তু বৰ্তমানলৈকে এই ঘটনা সন্দৰ্ভত কোনো এজন ব্যক্তিকে গ্ৰেপ্তাৰ কৰিব সক্ষম হোৱা নাই আৰক্ষীয়ে৷ ভুক্তভোগী এই পৰিয়ালটো প্ৰথমে বিহাৰৰ বাসিন্দা আছিল যদিও পিছলৈ পুনেলৈ স্থানান্তৰ হয় পৰিয়ালটি৷ আৰক্ষী পৰিদৰ্শক অশ্বিনী সতপুতে জনোৱা অনুসৰি, ২০১৭ চনৰ পৰাই নাবালিকাৰ ওপৰত পিতৃয়ে যৌন নিৰ্যাতন চলাই আহিছে আৰু ভায়েক গৰাকীয়ে ২০২০ বৰ্ষৰ নৱেম্বৰ মাহৰ পৰা যৌন নিৰ্যাতন চলায়৷ আৰক্ষীগৰাকীয়ে ইয়াৰ লগতে জনায় যে, ঘটনাটো পৃথক-পৃথক ভাৱে সংঘটিত হোৱা বাবে অভিযুক্তসকলে ইজনে আনজনৰ কাৰ্যকলাপৰ বিষয়ে অৱগত নহয়, এইটো এটা দলবদ্ধ ধৰ্ষণৰ ঘটনা নহয়। ইয়াক যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা (পকচো) আইনৰ অধীনত সামৰি লোৱা হ’ব।