1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 5:36 am

যোৰহাট লায়ন্স ক্লাবৰ বিনামূলীয়া চকু পৰীক্ষা শিবিৰ সম্পন্ন

  • Update Time : Monday, May 27, 2024

শিৱসাগৰত মাৰোৱাৰী মহিলা সন্মিলনৰ উদ্যোগত যোৰহাট লায়ন্স ক্লাবৰ বিনামূলীয়া চকু পৰীক্ষা শিবিৰ সম্পন্ন। শিৱসাগৰ জিলাত সামাজিক দিশত সহায় আগবঢ়াই অহা মাৰোৱাৰী মহিলা সন্মিলনে জনহিতাৰ্থে বহু কাম কাজ কৰি আহিছে । শিৱসাগৰৰ সংবাদদাতা ৰাতু কুমাৰ দাসৰ প্ৰতিবেদন অনুসৰি সামাজিক দায়বদ্ধতাৰে এইসকল মহিলাই অসমখনক আপোনভাবে আকোৱালি লোৱাৰ উপৰিও বিভিন্ন সামাজিক কাম কাজত জড়িত হৈ সমাজক উপকৃত কৰি আহিছে । ইয়াৰ ব্যতিক্ৰম নোহোৱাকৈ মাৰোৱাৰী মহিলা সন্মিলনে এক বিনামূলীয়া চকু চিকিৎসা শিবিৰৰ আয়োজন কৰি আৰ্থিকভাবে দুৰ্বল লোকসকলক চকুৰ ৰোগৰ পৰা ৰক্ষা পোৱাৰ সুযোগ প্ৰদান কৰে । যোৰহাট লায়ন্স ক্লাবৰ সহযোগিতাত সম্পন্ন হোৱা চকু চিকিৎসা শিবিৰটোত কেইবাগৰাকীও চিকিৎসক আৰু নাৰ্চে অংশগ্ৰহণ কৰে । চকুত চামনি পৰা ৰোগীসকলে যোৰহাটত বিনামূলীয়াকৈ অস্ত্ৰোপচাৰ কৰাৰ সুবিধাও লাভ কৰিব ।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme